ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ উদ্যোগত বানাক্ৰান্ত অঞ্চলত সাহায্য সামগ্ৰী বিতৰণ

64

ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ বৰঝাৰস্থিত উত্তৰ পূব মণ্ডলৰ উদ্যোগত আজি বৰঝাৰ বিমানবন্দৰৰ পৰা কিছু নিলগৰ দক্ষিন কামৰূপৰ এইবেলি বানত বেছিকৈ আক্ৰান্ত হোৱা নহিৰা গুইমাৰা আৰু চিমিনাত ৩৭০ টা পৰিয়ালক সাহায্য সামগ্ৰী বিতৰণ কৰা হয় । উত্তৰ পূব মণ্ডলৰ ক্ষেত্ৰীয় কাৰ্যবাহী সঞ্চালক সঞ্জীৱ জিন্দালৰ নিৰ্দেশত প্ৰাধিকৰণৰ কৰ্মচাৰী তথা এয়াৰপৰ্ট অথৰিটি এম্পলয়িজ ইউনিয়নৰ ( এ এ ই উ ) ক্ষেত্ৰীয় সম্পাদক পবিত্ৰ দাস , গুৱাহাটী শাখাৰ সভাপতি সুশীল লাল চোধুৰী আৰু সম্পাদক ৰাজু কুমাৰ দাস , কৰ্মকর্তা ক্ৰমে তৈয়বুল্লা আলী , অনিল কুমাৰ কলিতা , মৃদুল নাথ , ৰাজেশ দাসকে ধৰি একাংশ কৰ্মচাৰিযে ৩৭০ টা পৰিয়ালক চিৰা , মিঠাতেল , পিয়াজ , বিস্কুট আৰু মমবাতি বিতৰণ কৰে । বিতৰণ কাৰ্যসূচীত বি জে পি ৰ সাংগঠনিক সম্পাদক ফণীন্দ্ৰ নাথ শৰ্মা , কাৰ্যনির্বাহক সদস্য তপন দাস , চৰকাৰী গাওঁবুঢ়া সেইখ আব্দুল্লা আলী , খনিন্দ্ৰ চন্দ্ৰ দাস আৰু কুলেন দাসকে ধৰি স্থানীয় বিশিষ্ট ব্যক্তি সকল উপস্থিত থা