ভাৰতীয় খাদ্য নিগমৰ উত্তৰ পূৱ মাণ্ডলৰ উদ্যোগত দুখীয়া লোকৰ মাজত খাদ্য সামগ্ৰী বিতৰণ

71

ষ্টাফ ৰিপোৰ্টাৰ: ভাৰতীয় খাদ্য নিগমৰ উত্তৰ পূৱ মাণ্ডলৰ উদ্যোগত আৰু ক্ষুদ্ৰ ব্যৱসায়ী তুলতুল কছাৰীৰ সহযোগত শনিবাৰে মুঠ ১১০ টা দুখীয়া পৰিয়ালৰ মাজত খাদ্য সামগ্রী বিতৰুণ কৰা হয় ।ভাৰতীয় খাদ্য নিগমৰ উত্তৰ পূৱ মাণ্ডলৰ কাৰ্যবাহী সঞ্চালক অনুৰাগ গুপ্তা আৰু তেওঁৰ পত্নী ড০ অনামিকা গুপ্তাই দুখীয়া লুকাকলৰ মাজত খাদ্য সামগ্ৰী সমূহ বিতৰণ কৰে। শনিবাৰে ইন্দ্ৰপুৰ পাহাৰৰ ৬০ ঘৰ, কছাৰী বস্তিত ৩১ ঘৰক আৰু ভঙাগড়ৰ জননী গেটৰ ওচৰত ১৯ ঘৰ দুখীয়া লোকক খাদ্য সামগ্ৰী বিতৰণ কৰা হয়। উল্লেখ লকডাউনৰ সময়ত বিগত কেইবাদিন ধৰি এফ চি আইৰ মাণ্ডলিক কাৰ্যালয়ৰ বিষয়া কৰ্মচাৰীৰ অনুদানেৰে এই খাদ্যসমগ্রী সমূহ বিতৰণ কৰা হয়।