ভাৰতবাসীৰ বাবে আন এক সুখবৰ!কিয়নো আন্তৰ্জাতিক অলিম্পিক সমিতিৰ (IOC) ১৪১ তম অধিৱেশন ভাৰতৰ মুম্বাইত অনুষ্ঠিত হ’বলৈ গৈ আছে। উল্লেখযোগ্য যে ভাৰতে প্ৰায় ৪০ বছৰৰ পিছত দ্বিতীয়বাৰৰ বাবে আইঅ’চি অধিৱেশন আয়োজন কৰিছে। আইঅচিৰ ৮৬ তম অধিৱেশন ১৯৮৩ চনত নতুন দিল্লীত অনুষ্ঠিত হৈছিল।জানিব পৰা মতে ১৪ অক্টোবৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুম্বাইৰ জিঅ’ ৱৰ্ল্ড চেণ্টাৰত আইঅ’চিৰ ১৪১ সংখ্যক অধিৱেশন উদ্বোধন কৰিব। সন্মিলনখনত অলিম্পিক সমিতিৰ সভাপতি থমাছ বাখ আৰু নীতা আম্বানীৰ লগতে আইঅ’চিৰ আন সদস্যসকল উপস্থিত থাকিব।
