ভাৰতত ৬০,৯৭৫ টা কোভিড সংক্ৰমণৰ নতুন কেছ, ২৪ ঘণ্টাত মৃত্যু ৮৪৮ জনৰ

63

ডিজিটেল ডেস্কঃ বিগত ২৪ ঘণ্টাত ভাৰতত ৬০ হাজাৰৰো অধিক লোক কোভিড-১৯ত আক্ৰান্ত হৈছে। সোমবাৰে স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা এই তথ্যই দেশত যে কোভিড সংক্ৰমণ হ্ৰাস পোৱা নাই সেই কথাই প্ৰমাণিত কৰিছে। স্বাস্থ্য মন্ত্ৰণালয়ৰ তথ্য অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত ৬০,৯৭৫ টা কোভিড সংক্ৰমণ ঘটাৰ বিপৰীতে ৮৪৮ জনৰ এই ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

ইয়াৰ লগে লগে ভাৰতত মুঠ কোভিড আক্ৰান্তৰ সংখ্যা ৩১,৬৭,৩২৪ জনলৈ বৃদ্ধি পায়। অৱশ্যে ইয়াৰে ২৪,০৪,৫৮৫ জন সুস্থ হৈ উঠাৰ বিপৰীতে সমগ্ৰ দেশত এতিয়া ৭,০৪,৩৪৮টা কোভিড কেছহে সক্ৰিয় হৈ আছে। দেশত দেওবাৰ পৰ্যন্ত ৫৮,৩৯০ জন লোক কোভিড-১৯ত আক্ৰান্ত হৈ মৃত্যুক সাৱটিবলগীয়া হৈছে।