ভাৰতত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ…

82

দেশত হ্ৰাস পাইছে কোভিড সংক্ৰমণৰ হাৰ। যোৱা ২৪ ঘণ্টাত দেশত পুনৰ ৩৮,৯৪৮গৰাকী লোক কোৰোনাত আক্ৰান্ত হয়। এই সময়ছোৱাত মৃত্যু ঘটে ২১৯ গৰাকী কোভিড ৰোগীৰ।

ইফালে দেওবাৰৰ দিনটোত কোভিডৰ পৰা সুস্থ হৈ উঠে ৪৩,৯০৩ গৰাকী লোক। উল্লেখ্য যে, ভাৰতত বিগত ৯ দিনৰ পিছত আক্ৰান্তৰ সংখ্যা ৪০ হাজাৰৰো কম হৈছে। সেইদৰে মৃত্যুৰ হাৰো বিগত সপ্তাহৰ তুলনাত যথেষ্ট হ্ৰাস পোৱা পৰিলক্ষিত হৈছে।