ভাৰতত নিৰ্মাণ কৰা হৈছে ৩টাকৈ কোৰোনা ভেকচিনঃ লালকিল্লাৰ পৰা ক’লে প্ৰধানমন্ত্ৰী মোডীয়ে…

91

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনাৰ সন্ত্ৰাসৰ মাজতে আজি সমগ্ৰ দেশত পালন কৰা হয় ৭৪ সংখ্যক স্বাধীনতা দিৱসৰ। সেই উপলক্ষ্যে পুৱা দিল্লীৰ লালকিল্লাত স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে। সীমিত সংখ্যক লোকৰ উপস্থিতিত আয়োজিত স্বাধীনতা দিৱস পালন অনুষ্ঠানত উপস্থিত থাকে লোকসভাৰ অধ্যক্ষ ওম বিৰলা, বিৰোধী নেতা তথা ৰাজ্যসভাৰ সাংসদ গুলাম নবী আজাদ আৰু ডিফেন্স ষ্টাফ জেনেৰেল বিপিন ৰাৱট। অনুষ্ঠানত অংশ লোৱাৰ পূৰ্বে উপস্থিত অতিথিসকলৰ স্ক্ৰিনিং টেষ্ট কৰা হয়।

প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতা দিৱসৰ পতাকা উত্তোলনৰ পূৰ্বে ৰাজঘাটত জাতিৰ পিতা মহাত্মা গান্ধীৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধা নিবেদন কৰে। প্ৰধানমন্ত্ৰীৰ পতাকা উত্তোলনত সহযোগ কৰে মেজৰ শ্বেতা সিঙে। ইফালে পতাকা উত্তোলনৰ পিছতে প্ৰধানমন্ত্ৰীয়ে লালকিল্লাৰ পৰাই দেশবাসীক সম্বোধন কৰি দেশৰ বৰ্তমান পৰিস্থিতিৰ লগতে আত্মনিৰ্ভৰ ভাৰত, ডিজিটেল ইণ্ডিয়া আদি বিষয়ৰ ওপৰত আলোকপাত কৰে। আনহাতে বান আৰু ভূমিস্খলনত নিহত লোকৰ পৰিয়াললৈও গভীৰ সমবেদনা জ্ঞাপন কৰে প্ৰধানমন্ত্ৰীগৰাকীয়ে।

ইফালে বৰ্তমানৰ পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি সকলো দেশবাসীক সতৰ্ক হৈ থাকিবলৈ আহ্বান জনায় প্ৰধানমন্ত্ৰী মোডীয়ে। ভাৰতত ৩টাকৈ কোৰোনা প্ৰতিষেধকৰ ট্ৰায়েল চলি থকাৰ কথা উল্লেখ কৰি তেওঁ লগতে কয় যে দেশবাসীয়ে অতি শীঘ্ৰেই কোৰোনাক সম্পূৰ্ণৰূপে নাশ কৰিবলৈ সক্ষম হ’ব। দেশৰ কোৰোনা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি নিজ আৱাসতে আজি স্বাধীনতা দিৱসৰ পতাকা উত্তোলন কৰে কেন্দ্ৰীয় প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে।