ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি

112

ভাৰত-বাংলাদেশ সীমান্তত হাই এলাৰ্ট জাৰি সীমান্ত সুৰক্ষা বাহিনীৰ । অসম, মেঘালয়, মিজোৰাম আৰু ত্ৰিপুৰাৰ সীমান্তত বি এছ এফয়ে গঢ়ি তুলিছে কটকটীয়া নিৰাপত্তা বেষ্টনী । চুবুৰীয়া বাংলাদেশৰ পৰিস্থিতি অশান্ত হোৱাৰ পাচতে ভাৰত-বাংলাদেশ সীমান্তত কটকটীয়া পহৰাত নিয়োজিত হৈছে সীমান্ত সুৰক্ষা বাহিনী ৷ এক বিশেষ সূত্ৰই ভাৰতক জনায় যে চুবুৰীয়া দেশ বাংলাদেশত হোৱা হিংসাত্মক কাৰ্যকলাপৰ বাবে উত্তৰ-পূৰ্বাঞ্চলৰ বাংলাদেশ সীমান্তত বি এছ এফ ৰ তৰফৰ পৰা হাই এলাৰ্ট জাৰি কৰা হৈছে ।