ভাৰত-চীনৰ সংঘৰ্ষ

76

ষ্টাফ ৰিপৰ্টাৰ, ১৭ জুন: অতি উদ্বেগজনক পৰিস্থিতি হৈছে ভাৰত-চীনৰ সংঘৰ্ষক লৈ।
গলৱানত ভাৰত–চীন সংঘৰ্ষই নিশাটোৰ ভিতৰতে সলনি কৰি দিছে সমগ্ৰ সমীকৰণ। কৌশল নিৰ্ধাৰণ কৰিবলৈ একাধিক বৈঠকৰ আহ্বান কৰিছে সামৰিক বাহিনীয়ে। এইবাৰ পৰিস্থিতি পৰ্যালোচনা কৰিবলৈ সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে।

প্ৰধানমন্ত্ৰীৰ অফিচৰ সূত্ৰত প্ৰকাশ পোৱা মতে, সীমান্তত সংঘৰ্ষৰ পৰিৱেশ সৃষ্টি হোৱাৰ পৰিপ্ৰেক্ষিতত ১৯জুন সন্ধিয়া ৫বজাত সৰ্বদলীয় বৈঠকৰ আহ্বান কৰিছে প্ৰধানমন্ত্ৰীয়ে। বৈঠকত সকলো দলৰ সভাপতিয়ে অংশগ্ৰহণ কৰিব। বৈঠক ভাৰ্চুৱেল পদ্ধতিৰে হ’ব।

পূৱ লাডাখৰ গলৱান উপত্যকাত সোমবাৰে নিশা মৃত্যু হয় এজন কৰ্নেল সহ কমেও ২০জন সৈনিকৰ। এই খবৰৰ পিছতে দিল্লীত সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ। লাডাখত মোতায়েন কামাণ্ডাৰসকলক পৰিস্থিতি চাই কাৰ্য কৰাৰ নিৰ্দেশ দিয়া হৈছে। সেনাৰ তিনিওটা বাহিনীক অত্যন্ত কঠিন পৰিস্থিতিৰ কাৰণে সাজু হৈ থাকিবলৈ কোৱা হৈছে।

উল্লেখ্য যে, চৰকাৰৰ নীৰৱতাক লৈ প্ৰশ্ন উত্থাপন কৰিছিল ৰাহুল গান্ধীয়ে। তেওঁ প্ৰধানমন্ত্ৰীক আক্ৰমণ কৰি কৈছিল, ‘যথেষ্ট হ’ল, লাডাখত কি হৈছে সেয়া আমি জানিবই লাগিব। প্ৰধানমন্ত্ৰী কিয় নীৰৱ?’ ইয়াৰ মাজতে আহিল সৰ্বদলীয় বৈঠকৰ খবৰ।