ভালুকৰ সাঙীত পৰিণত কমলপুৰৰ ৰাইপাটৰ পানী যোগান আঁচনি…

104

পৱন নীল কাশ্যপ, চাংসাৰীঃ বৰ্তমান শালি শষ্যৰ বাবে কঠিয়া সিঁচাৰ সময়। কিন্তু কঠিয়া সিঁচাৰ কাৰণে পানীৰ বাবে বিপাঙত পৰিছে কমলপুৰৰ ৰাইপাটৰ খেতিয়কসকল। কামৰূপৰ কমলপুৰৰ ৰাইপাটত আজি ১০ বছৰে পৰিত্যক্ত অৱস্থাত জলসিঞ্চন বিভাগৰ পানী যোগান আঁচনি।

তৰুণ গগৈ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত নিৰ্মাণ হোৱা ৰাইপাটৰ পানী যোগান আঁচনি আজি পৰ্যন্ত কাৰ্যক্ষম হৈ নুঠিল। ১০ বছৰে প্ৰতাৰিত হৈ অহা বৰ্তমান ৰাইপাটৰ কৃষক ৰাইজে কঁঠিয়া সিঁচাৰ বাবে পানীৰ কাৰণে হাহাকাৰ কৰিবলগীয়া হৈছে। নিৰুপায় হৈছে কৃষক ৰাইজ। বিগত সময়চোৱাত খেতি নকৰাকৈয়ে শ শ বিঘা খেতি মাটি পৰি ৰৈছে পানীৰ অভাৱত। ভালুকৰ সাঙীত পৰিণত হৈছে অসম চৰকাৰৰ বিয়াগোম জলসিঞ্চন বিভাগৰ আঁচনি সমূহ।

বৰ্তমান ভূত বাংলাত পৰিণত হৈছে পানীযোগান আঁচনিৰ গৃহ। ১০ বছৰে কৃষক ৰাইজে পানী আহিব বুলি আশাৰে ৰৈ থকা পানী যোৱা নলাবোৰ জংঘলেৰে ভৰি পৰিছে। নলাবোৰ ক’ৰবাত ভাঙিছে, কিন্তু তাৰ গ‌ইনা লৈ ঠিকাদাৰেও বছৰে বছৰে মেৰামতিৰ নামত চলাইছে লুণ্ঠন। ঠিকাদাৰৰ পকেট ঠিকে গৰম হৈছে কিন্তু বাস্তৱতহে ৰাইপাটবাসী ৰাইজে খাইছে হাবাথুৰি। ৰাইপাটবাসী ৰাইজে এই বিষয়ে বিভাগীয় কৰ্তৃপক্ষক বিষয়টো অৱগত কৰে যদিও এতিয়ালৈ গভীৰ নিদ্ৰাত আছে বিয়াগোম বিভাগটো।