ভাদ মাহৰ প্ৰথম দিনটোতে পাটেকীবড়ীত সত্ৰত দেখা গ’ল এক মনজুৰোৱা পৰিৱেশ

313

আজি ভাদৰ মাহৰ পহিলা দিনটোত মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰত দেখা গল এক মনজুৰোৱা পৰিৱেশ ।

আজি অসমীয়া পবিত্ৰ ভাদ মাহৰ ১ তাৰিখ অৰ্থাৎ পহিলা ভাদ। আজিৰে পৰা ৰাজ্যৰ প্ৰতিখন সত্ৰ-নামঘৰ হৰি নামৰ ধ্বনিৰে গুঞ্জৰিত হব। ইয়াৰ ব্যতিক্ৰম নহয় মৈৰাবাৰী শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ীত সত্ৰ ।আজিৰে পৰা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ পৱিত্ৰ জন্মস্থান শ্ৰী শ্ৰী আলিপুখুৰী পাটেকীবড়ী সত্ৰত মাহজোৰা চাৰি প্ৰসঙ্গীয়া পাল নামৰ আশিষ লোৱাৰ লগতে নেদেখাজনৰ ওচৰত আশিষ লবলৈ ৰাজ্যৰ বিভিন্ন ঠাইৰ পৰা ভক্তপ্ৰাণ ৰাইজৰ আগমন ঘটিছে। নেদেখা জনৰ ওচৰত ধূপ-দীপ, নৈবেদ্য আগবঢ়াই প্ৰতিজন ভক্তই নিজৰ লগতে পৰিয়ালৰ মংগল কামনা কৰি অক্ষয় বন্তিত সেৱা লৈছে।