যোৱা কেইদিনমানৰ পৰা অবিৰত বৰষুণৰ ফলত হিমাচল প্ৰদেশৰ কেইবাটাও অঞ্চলত পানী জমা হোৱাৰ লগতে ক্ষন্তেকীয়া বানপানীৰ সৃষ্টি হৈছে।
ৰাজ্যখনত হোৱা প্ৰচণ্ড বৰষুণৰ লগতে ক্ষন্তেকীয়া বানপানী আৰু নদীখনৰ জলপৃষ্ঠ বৃদ্ধিয়ে পাহাৰীয়া ৰাজ্যখনৰ স্বাভাৱিক জীৱন ব্যাহত কৰে।
প্ৰচণ্ড বৰষুণ আৰু কৃত্ৰিম বানপানীৰ প্ৰভাৱৰ একাধিক ছবি আৰু ভিডিঅ’ ভাইৰেল হৈছে ছ’চিয়েল মিডিয়াত। এজন টুইটাৰ ব্যৱহাৰকাৰীয়ে শ্বেয়াৰ কৰা এটা ভিডিঅ’ত দেখা গৈছে যে কুল্লুৰ ওচৰত বিয়াছ নদীৰ পানী ওফন্দি উঠাত এখন গাড়ী উটি গৈছে।
আন এটা ভিডিঅ’ত দেখা গৈছে যে মণ্ডি জিলাৰ এখন দলঙৰ ওপৰেৰে পানী বৈছে বিয়াছ নদীৰ জলপৃষ্ঠ বৃদ্ধিৰ বাবে। বিয়াছ নদীৰ জলপৃষ্ঠ বৃদ্ধি পোৱাৰ লগে লগে কুল্লুৰ এখন দলংত বিপদৰ চিহ্নৰ ওপৰেৰে পানী বৈ অহা বুলি সংবাদ মাধ্যমত প্ৰকাশ পোৱা কেইবাটাও বাতৰিয়ে দাবী কৰিছে।
ইফালে ধাৰাসাৰ বৰষুণৰ ফলত মণ্ডী জিলাৰ পাণ্ডোহ বজাৰতো ডুব যায়। পাণ্ডোহৰ নিম্ন বজাৰত বিয়াছ নদীৰ জলপৃষ্ঠ দ্ৰুতগতিত বৃদ্ধি পোৱাৰ ফলত ঘৰত আবদ্ধ হৈ থকা ছয়জন লোকক ৰক্ষা কৰে ৰাজ্যিক দুৰ্যোগ সঁহাৰি বাহিনীয়ে।
