ভয়ংকৰ দুৰ্ঘটনা

70

মধ্যপ্ৰদেশৰ সাগৰ জিলাত যোৱা নিশা সংঘটিত হৈছে এক হৃদয় বিদাৰক দুৰ্ঘটনা। এক দ্ৰুতবেগী ট্ৰাকৰ খুন্দাত প্ৰাণ হেৰুৱাইছে একেটা পৰিয়ালৰে পাঁচজনকৈ লোকে। চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা এগৰাকী আত্মীয়ক দেখা কৰিবলৈ গৈ দুৰ্ভাগ্যৱশতঃ নিজৰে প্ৰাণ হেৰুৱাবলগীয়া হ’ল দুৰ্ভগীয়া পৰিয়ালটোৱে। প্ৰকাশিত খবৰ অনুসৰি শুকুৰবাৰে নিশা সাগৰ-গাধাকোটা পথৰ জটাশংকৰৰ সমীপত সংঘটিত হয় এই শোকাৱহ দুৰ্ঘটনা। এই দুৰ্ঘটনাত গাড়ীখনত থকা পৰিয়ালটোৰ পাঁচজন লোকৰ কৰুণ মৃত্যু হোৱাৰ বিপৰীতে গাড়ীখনৰ চালকজন গুৰুতৰভাৱে আহত হয়। চালকজনক উদ্ধাৰ কৰি চিকিৎসাৰ বাবে প্ৰেৰণ কৰে।