ভয়ংকৰ! টেংকাৰ আৰু টেম্পোৰ সংঘৰ্ষত নিহত ১২ জন

78

উত্তৰ প্ৰদেশৰ প্ৰতাপগড়ত সংঘটিত হৈছে এক ভয়ংকৰ পথ দুৰ্ঘটনা। এই পৰ্যন্ত এই দুৰ্ঘটনাত ১২ জন লোকৰ কৰুণ মৃত্যু হৈছে। টেংকাৰ আৰু টেম্পোৰ সংঘৰ্ষত ১২ জন লোকে প্ৰাণ হেৰুৱাইছে। বৰ্তমান আৰক্ষীয়ে এটা গোচৰ ৰুজু কৰি দুৰ্ঘটনাৰ কাৰণৰ তদন্ত অব্যাহত ৰাখিছে।

তথ্য অনুসৰি প্ৰতাপগড়ৰ লীলাপুৰ থানাৰ বিক্ৰমপুৰ টাৰ্ণৰ সমীপত এই ঘটনা পোহৰলৈ আহিছে। দুয়োখন বাহনৰ মাজত সংঘৰ্ষ হৈছে। দুৰ্ঘটনাত নিহত ১০ জন লোকক চিনাক্ত কৰিছে আৰক্ষীয়ে। নিহতসকলৰ ভিতৰত আৰক্ষীয়ে ৭ জন পুৰুষ, ২ গৰাকী মহিলা আৰু এগৰাকী কন্যা শিশু চিনাক্ত কৰিছে। জানিব পৰা মতে পথ দুৰ্ঘটনাত দুই দম্পতী, মাতৃৰ ককা আৰু ভতিজীয়ে প্ৰাণ হেৰুৱাইছে। এতিয়াও আৰক্ষীয়ে মৃতদেহ দুটা চিনাক্তকৰণৰ কামত ব্যস্ত হৈ আছে। নিহতসকলৰ অধিকাংশই জেঠৱাৰা থানা এলেকাৰ বাসিন্দা। বৰ্তমান ৫ জন ব্যক্তি সংকটজনক অৱস্থাত চিকিৎসাধীন হৈ আছে। এই ঘটনাত মুঠ ১৭ জন লোক দুৰ্ঘটনাৰ বলি হৈছে। আনহাতে, ঘটনাৰ পিছৰে পৰা পৰিয়ালৰ লোকৰ মাজত হুলস্থুলৰ সৃষ্টি হৈছে।

মৃতদেহৰ মৰণোত্তৰ পৰীক্ষাৰ কামত নিয়োজিত হৈছে চাৰিজন চিকিৎসকৰ পেনেল। এতিয়ালৈকে চিকিৎসকে ৫টা মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা কৰিছে। ডি এমৰ নিৰ্দেশত নিশা মৰণোত্তৰ পৰীক্ষা কৰা হৈছে। আই জি ৰেঞ্জ প্ৰয়াগৰাজ চন্দ্ৰ প্ৰকাশ প্ৰতাপগড় ঘটনাস্থলীত উপস্থিত হোৱাৰ লগতে আই জিয়ে পুনৰীক্ষণ কৰি দুৰ্ঘটনাটোত আহতসকলক উন্নত চিকিৎসাৰ ব্যৱস্থা কৰাৰ নিৰ্দেশ দিছে।