ভগ্নী ভিতালী দাসৰ বিয়োগৰ পিছতে শেষ নিশ্বাস ত্যাগ জ্যেষ্ঠ ভাতৃ পৰাগমণি দাসৰ

86

ভগ্নী তথা জনপ্ৰিয় গায়িকা ভিতালী দাসৰ বিয়োগৰ মাত্ৰ দুদিন পিছতে আজি অকাল মৃত্যুক সাৱটি ল’লে তেওঁৰ জ্যেষ্ঠ ভাতৃ পৰাগমণি দাসে। দীৰ্ঘদিন ধৰি ৰোগত আক্ৰান্ত হৈ থকা পৰাগমণি দাস গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছিল।

ভগ্নী ভিতালী দাসৰ বিয়োগৰ পিছতে মানসিকভাৱে যথেষ্ট ভাগি পৰা ভাতৃ পৰাগমণি দাসে হাস্পতালৰ বিচনাতে আজি শেষ নিশ্বাস ত্যাগ কৰে। জানিব পৰা মতে, বাথৰুমত পিছলি পৰি অসুস্থ হৈ চিকিৎসাধীন হৈ আছিল পৰাগমণি দাস। ইফালে পৰাগমণি দাসৰ পত্নী আৰু পুত্ৰ কোৰোনাত আক্ৰান্ত হৈ বৰ্তমান শিঙিমাৰী কোভিড হাস্পতালত চিকিৎসাধীন হৈ আছে।