ভংগ হ’ল ৰাজ্যসভাৰ উপাধ্যক্ষৰ অনশন

67

ডিজিটেল ডেস্কঃ কৃষি বিধেয়কক লৈ ৰাজ্যসভাত বিৰোধীয়ে সৃষ্টি কৰা উত্তপ্ত পৰিস্থিতিৰ বিৰোধিতাৰে ২৪ ঘণ্টাৰ অনশন ঘোষণা কৰিছিল ৰাজ্যসভাৰ উপাধ্যক্ষ হৰিবংশই। এই সময় অতিক্ৰম কৰাৰ পিছত বুধবাৰে পুৱা অনশন ভংগ কৰে উপাধ্যক্ষগৰাকীয়ে।

ইফালে কোভিড পৰিস্থিতিৰ প্ৰতি ১ পৰ্যন্ত চলিবলগা ৰাজ্যসভাৰ অধিৱেশন অনিৰ্দিষ্টকাললৈ স্থগিত হ’ব পাৰে। ইয়াৰ পূৰ্বে বুধবাৰে ৰাজ্যসভাত ফৰেইন কণ্ট্ৰিবিউছন এমেডমেণ্ট বিল, ২০২০ আৰু দ্য বাইলেটাৰেল নেটিং অৱ কোৱালিফায়েড ফাইনেন্সিয়েল কণ্ট্ৰাক্ট বিল, ২০২০ উত্থাপন আৰু গৃহীত হোৱাৰ সম্ভাৱনা আছে। তদুপৰি আন দুখন বিধেয়কো বুধবাৰে ৰাজ্যসভাত উত্থাপন হ’ব পাৰে। আনহাতে লোকসভাৰ অধিৱেশনো বিয়লি ৩ বজাৰ বিপৰীতে সন্ধিয়া ৬ বজাত অনুষ্ঠিত হ’ব।