গুৱাহাটীঃ মহানগৰীৰ বৰাগাঁও হত্যাকাণ্ডৰ খলনায়ক দেৱযানী দাস নামৰ মহিলাগৰাকীক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। উল্লেখ্য যে, বৃহস্পতিবাৰে পশ্চিম বৰাগাওঁৰ এটা ভাড়াঘৰৰ বাসিন্দা অন্তিমা গুপ্তা নামৰ মহিলাগৰাকীৰ মৃতদেহ এটা প্লাষ্টিকৰ বেগত উদ্ধাৰ কৰিছিল আৰক্ষীয়ে। মহিলাগৰাকীৰ স্বামী সন্তোষ গুপ্তাই গড়চুক থানাত দাখিল কৰা নিৰুদ্দেশ সম্পৰ্কীয় এজাহাৰৰ ভিত্তিত তদন্ত চলাই আৰক্ষীয়ে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছিল মহিলাগৰাকীৰ মৃতদেহটো।
ইফালে এই হত্যাকাণ্ডৰ পিছত একে কেম্পাছতে ভাড়াতীয়া হিচাপে থকা দেৱযানী দাস নামৰ মহিলাগৰাকীৰ বিৰুদ্ধে উত্থাপন হৈছিল হত্যাৰ অভিযোগ। তাৰ পিছতে আৰক্ষীয়ে জেৰা চলোৱাত হত্যাৰ কথা স্বীকাৰ কৰে দেবযানী দাসে।
খবৰ অনুসৰি সন্তোষ গুপ্তাৰ সৈতে বিবাহ বহিৰ্ভূত সম্পৰ্ক আছিল দেৱযানী দাসৰ। তাৰ পৰিণতিতেই বৃহস্পতিবাৰে অন্তিমা গুপ্তা আৰু মহিলাগৰাকীৰ মাজত কাজিয়াৰ সৃষ্টি হয়। তাৰ পিছতে দেৱযানী দাসে অন্তিমা গুপ্তাক নিৰ্মমভাৱে হত্যা কৰি টুকুৰা টুকুৰকৈ কাটি এটা প্লাষ্টিকৰ বেগত ভৰাই সন্তোষ গুপ্তাৰ শোৱনী কোঠাত লুকুৱাই থয় মৃতদেহটো।
