বৰযাত্ৰীক কোটি কোটি টকাৰ উপহাৰ

92

বিভিন্ন কাৰণত চৰ্চিত অনন্ত আম্বানী আৰু ৰাধিকা মাৰচেন্টৰ বিয়াখন। এক নতুন কাৰণত পুনৰ লাইম লাইটত অনন্ত আম্বানী। বৰযাত্ৰীক মিঠাই খুওৱা বা কাপোৰ উপহাৰ দিয়া তেনেই সাধাৰণ কথা। কিন্তু এইবাৰ বৰযাত্ৰীক ঘড়ী উপহাৰ দি চৰ্চাত আহিছে অনন্ত আম্বানী।যাৰ মূল্য প্ৰায় ২ কোটি টকা ৷জানিব পৰা মতে,নিজৰ ঘনিষ্ঠ বন্ধুসকলক এই কোটি টকাৰ বিলাসী ঘড়ী উপহাৰ স্বৰূপে আগবঢ়াইছে অনন্ত আম্বানীয়ে। এই বিষয়টোৱে ব্যাপক চৰ্চা লাভ কৰিছে এতিয়া সামাজিক মাধ্যমত। এই ঘড়ী দেখা পোৱা গৈছে শ্বাহৰুখ খান,ৰণবীৰ সিঙৰ হাততো।