বৃহস্পতিবাৰে নিশা ৰাজ্যৰ বিভিন্ন প্ৰান্তত তাণ্ডৱ চলায় প্ৰচণ্ড ধুমুহাই। ঠায়ে ঠায়ে ধুমুহাৰ ফলত গছ-গছনি, আৱাস গৃহৰ ক্ষতিসাধন হোৱাৰ মাজতে বৰপেটা জিলাত ধুমুহাত এডাল প্ৰকাণ্ড গছ বাগৰি পৰাৰ ফলত মৃত্যু ঘটে এগৰাকী মহিলাৰ।
বৰপেটাৰ জনীয়া লুৰফুৰিয়া গাঁৱত সংঘটিত হয় এই শোকাবহ ঘটনা। ধাৰাসাৰ বৰষু্ণ আৰু ধুমুহাৰ ফলত এডাল প্ৰকাণ্ড গছ ঘৰৰ ওপৰত বাগৰি পৰাৰ ফলত মৃত্যু ঘটে মহিলাগৰাকীৰ।
নিহত মহিলাগৰাকীক ৪৫ বছৰীয়া ফুলজান নেছা বুলি চিনাক্ত কৰা হৈছে।
ইফালে, জিলাখনৰ কালগছিয়া, জানিয়া, ভেল্লা, লাচাংগা, গুনিয়ালগুৰি আৰু বালাগাঁও অঞ্চলত বৰষুণ আৰু বজ্ৰপাতৰ ফলত সম্পত্তি আৰু বাহনৰ বৃহৎ পৰিমাণৰ ক্ষতি হয়।
