বৰপেটাত জেহাদীৰ সন্দেহত গ্ৰেপ্তাৰ দুজনক

162

গুৱাহাটীঃ বৰপেটা জিলাৰ হাউলীৰ উত্তৰ কালঝাৰত বৃহস্পতিবাৰে নিশা আৰক্ষীয়ে অভিযান চলাই জেহাদীৰ সন্দেহত দুজন লোকক গ্ৰেপ্তাৰ কৰে। ধৃত লোক দুজনক উত্তৰ কালঝাৰৰ মোকদ্দছ আলী আহমেদ আৰু জনীয়াৰ ছফিকুল ইছলাম বুলি চিনাক্ত কৰা হৈছে। আৰক্ষীয়ে জানিবলৈ দিয়া মতে, দুয়োজন ধৃত সম্পৰ্কত ভিনিয়েক-খুলশালীয়েক।

ইপিনে ধৃত মোকদ্দছ আলীৰ ঘৰৰ সন্মুখৰ বাগিছাৰ পৰা আৰক্ষীয়ে তিনিটা হস্তনিৰ্মিত বোমা, তিনিটা ইলেক্ট্ৰ’নিক ডিটনেটৰ আৰু এক্সপ্লোছিভ নিঅ’জেন নাইনটিন চাৰিটা আৰু ৫টা মোবাইল ফোন জব্দ কৰে আৰক্ষীয়ে৷

বৰপেটাৰ অতিৰিক্ত আৰক্ষী অধীক্ষক ড০ প্ৰদীপ শইকীয়াই এক সংবাদমেল যোগে এই কথা সদৰী কৰি কয় যে পুৱতি নিশা বৰপেটা সদৰ থানাৰ ডিএছপি সমুদ্ৰ দত্ত বৰুৱাৰ নেত়ৃত্বত হাউলী আৰক্ষীয়ে অভিযান চলাই বিস্ফোৰকসহ জেহাদীৰ সন্দেহত দুয়োজন লোকক গ্ৰেপ্তাৰ কৰে৷

প্ৰণিধানযোগ্য যে, ধৃত ছফিকুল ইছলাম পূৰ্বে জামাতুল মুজাহিদীন বাংলাদেশৰ সদস্য আছিল৷ এই অভিযোগেতে ২০১৯ চনত গ্ৰেপ্তাৰ কৰিছিল বৰপেটা আৰক্ষীয়ে। কিন্তু কাৰাগাৰৰ পৰা মুকলি হৈ বৰপেটাত জেহাদৰ জাল বিয়পোৱাৰ কাৰ্যত জড়িত হৈ পৰে।