বৰপেটাত কৃষ্ণমূৰ্তিসহ দুৰ্ধৰ্ষ চোৰ আটক, জব্দ ৮০০ লিটাৰ চুলাই মদ

75

বৰপেটাঃ বৰপেটাৰ আবকাৰী বিভাগৰ অকৰ্মন্যতা আৰু সুৰা ব্যৱসায়ীৰ সৈতে গঢ়ি উঠা মধুৰ সম্পৰ্কৰ বাবেই দ্বিতীয় বৈকুন্ঠপুৰী হিচাপে খ্যাত সুৰা নিষিদ্ধ সত্ৰনগৰী বৰপেটাত গঢ়ি উঠিছে সুৰাৰ অবাধ বেহা৷ আবকাৰী বিভাগৰ অকৰ্মন্যতা আৰু উদাসীনতাত অতিষ্ঠ হৈ অৱশেষত অবৈধ সুৰা ব্যৱসায়ৰ বিৰুদ্ধে নামি পৰিছে বৰপেটা আৰক্ষী৷

বৰপেটা আৰক্ষীয়ে শনিবাৰে অভিযান চলাই ১ হাজাৰ লিটাৰ চুলাই জব্দ কৰাৰ পিচতে আজি পুনৰ ৮০০ লিটাৰ চুলাই মদ জব্দ কৰে আৰক্ষীয়ে৷ এখন টেম্প’ ভানযোগে বৰপেটাৰ নগাওৰ পৰা চুলাই কঢ়িয়াই অনাৰ খবৰ লাভ কৰি বৰপেটা নগৰ আৰক্ষীয়ে মুনীন্দ্ৰ নাৰায়ণ দাসৰ নেতৃত্বত অভিযান চলাই ৫খন বস্তাত ভৰাই অনা প্ৰায় ৮০০ লিটাৰ চুলাই জব্দ কৰাৰ লগতে এজন চুলাই ব্যৱসায়ীক আটক কৰে৷

আনহাতে সুৰা সৰবৰাহত ব্যৱহৃত এএছ ২৫ চি ৫৯৪৫ নম্বৰৰ অটো ভানখনো জব্দ কৰে আৰক্ষীয়ে৷ আবকাৰী বিভাগক মেনেজ কৰি একাংশ সুৰা ব্যৱসায়ীয়ে সত্ৰনগৰী বৰপেটাত যিদৰে মুকলিকৈ সুৰাৰ ব্যৱসায় চলাই আহিছে সিয়ে সত্ৰনগৰীৰ ৰাইজক ক্ষুন্ন কৰি তুলিছে৷

ইপিনে বৰপেটা আৰক্ষীয়ে আজি সঞ্জয় দাস নামৰ এটা চোৰ কৰায়ত্ব কৰিবলৈ সক্ষম হয়৷ বৰপেটাত সংঘটিত এটা চুৰিৰ ঘটনাৰ আঁত ধৰি চোৰটোক কৰায়ত্ব কৰে আৰক্ষীয়ে৷ যোৱা নিশা আৰক্ষীয়ে অভিযান চলাই চোৰটোক কৰায়ত্ব কৰাৰ লগতে চোৰটোৰ জিম্মাৰ পৰা এটা পুৰণি কৃষ্ণমূৰ্তি, তিনিটাকৈ চুৰি মোবাইল ফোন, কে’বাখনো চুৰি চাইকেল, পুতলা আদিকে ধৰি বহু চুৰি সামগ্ৰী উদ্ধাৰ কৰিবলৈ সক্ষম হয়৷