বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা সকলক চৰম সকিয়নী শ্বেৰমান আলীৰ…

130

বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাত বাধা প্ৰদান কৰি পুনৰ এবাৰ চৰ্চালৈ আহিছে বাঘবৰ সমষ্টিৰ বিধায়ক শ্বেৰমান আলী আহমেদ। বৰপেটাসত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ পক্ষত থকা সকলক চৰম সকিয়নী প্ৰদান কৰি শ্বেৰমান আলীয়ে কয় যে বিজেপি চৰকাৰ গ’লেই সত্ৰৰ ভূমি উচ্ছেদৰ সৈতে জড়িতসকলৰ ওপৰত লোৱা হ’ব কঠোৰতকৈও কঠোৰতম প্ৰতিশোধ৷

উল্লেখ্য যে বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া বশিষ্ঠ শৰ্মাই অলপতে ৰাজ্য চৰকাৰলৈ জনাইছিল আবেদন ৷ এই আবেদনৰ পিছতেই বৰপেটা সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ নিৰ্দেশক্ৰমে জিলা প্ৰশাসন তৎপৰ হৈ পৰাৰ সময়তেই বাঘবৰৰ বিধায়ক শ্বেৰমান আলী আহমেদে প্ৰদান কৰা কঠোৰ সকীয়নিক লৈ এতিয়া আৰম্ভ হৈছে ব্যাপক প্ৰতিক্ৰিয়া ৷

বিধায়কগৰাকীৰ সকীয়নি— সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবে উচ্ছেদ চলিলেই অনাগত দিনত লোৱা হ’ব কঠোৰতকৈও কঠোৰতম প্ৰতিশোধ৷ ইতিমধ্যে বিধায়ক শ্বেৰমান আলী আহমেদৰ এটা উচটনিমূলক ভাষণৰ ভিডিঅ’ ভাইৰেল হৈ পৰাৰ পিছতেই বৰপেটাৰ লগতে ৰাজ্যজুৰি সৃষ্টি হৈছে তীব্ৰ চাঞ্চল্যৰ৷

উল্লেখ্য যে বৰপেটা জিলাৰ বাঘবৰ ৰাজহ চক্ৰৰ ১নং বৰদলনি গাঁৱত ৪১৩নং দাগত থকা বৰপেটা সত্ৰৰ ৪০ বিঘা ভূমিত চলা অবৈধ বেদখল উচ্ছেদ প্ৰক্ৰিয়া আৰম্ভ কৰিছিল বাঘবৰ ৰাজহ চক্ৰ বিষয়াই৷ ইতিমধ্যে ৩১ জানুৱাৰীত সত্ৰৰ ভূমি জোখমাপ কৰি মাটিৰ চাৰিওদিশে খুঁটা পুতি থৈ আহিছিল ৰাজহ চক্ৰ বিষয়াই৷ আনকি বেদখলকাৰীসকলক সত্ৰৰ ভূমিৰ পৰা আঁতৰি যোৱাৰো জাননীও জাৰি কৰিছিল৷ পিছে বিধায়ক শ্বেৰমান আলী আহমেদ উক্ত বেদখলকৃত ভূমিত উপস্থিত হৈ প্ৰশাসনে পুতি থৈ অহা খুঁটি নিজ হাতে উভালি পেলায়।

বিধায়ক শ্বেৰমান আলী আহমেদে উক্ত লোকসকলক সত্ৰৰ বেদখলকৃত ভূমিত নিশ্চিন্তে থাকিবলৈ আহ্বান জনায়৷ ইয়াতেই ক্ষান্ত নাথাকি বিধায়কগৰাকীয়ে সত্ৰৰ ভূমি উচ্ছেদৰ পক্ষত থকা লোকসকললৈ প্ৰদান কৰে চৰম সকীয়নি৷ ৰাজ্যৰ এগৰাকী জনপ্ৰতিনিধি বিধায়ক শ্বেৰমান আলী আহমেদে বিজেপি চৰকাৰ যোৱাৰ পিছতেই কঠোৰতকৈও কঠোৰতম প্ৰতিশোধ লম বুলি ভাবুকি প্ৰদান কৰে৷ ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ নাম নোলোৱাকৈয়ে বিধায়ক শ্বেৰমান আলী আহমেদে ভাষণৰ আৰম্ভণিতে কয়- ‘নিজৰ ইচ্ছামতে বাঘবৰ সমষ্টিত উচ্ছেদ নহ’ব৷ আপোনালোকে নিশ্চিন্ত থাকক৷ যেতিয়ালৈকে মই জীয়াই আছোঁ, ইনছাআল্লা, আপোনালোক শান্তিত টোপনি মাৰক৷ আপোনালোকে মোক ভোট দিছেতো৷ মই আগতে মৰিম, তাৰ পিছত আপোনালোকৰ কিবা ক্ষতি হ’ব৷’

ইপিনে বিধায়ক শ্বেৰমান আলী আহমেদৰ এনে কাৰ্যত আশ্চৰ্য প্ৰকাশ কৰিছে বাঘবৰ ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই৷ তেওঁ বিধায়কগৰাকীক প্ৰশাসনক সহযোগ কৰাৰ বাবে আহ্বান জনায়৷ ইপিনে ১নং বৰদলনি গাঁৱত থকা বৰপেটা সত্ৰৰ ভূমিৰ লগতে মন্দিয়াত থকা মহাপুৰুষীয়া সত্ৰৰ ভূমি বেদখলমুক্ত কৰাৰ বাবেও উচ্ছেদ চলিব বুলি সদৰী কৰে ৰাজহ চক্ৰ বিষয়া সোণবৰ চুতীয়াই৷

শেহতীয়াভাৱে বিধায়কগৰাকীয়ে সত্ৰৰ ভূমিৰ সীমাৰ খুঁটা উভালি পেলোৱাৰ পিছতেই আজি বৰপেটা সত্ৰ পৰিচালনা সমিতিৰ সদস্যসকল বাঘবৰত উপস্থিত হৈ বিধায়কগৰাকীৰ কাৰ্য আৰু মন্তব্যৰ নিন্দা কৰে৷ এয়া বৰপেটা সত্ৰবাসীক প্ৰদান কৰা ভাবুকি বুলিও মন্তব্য কৰে সত্ৰ পৰিচালনা সমিতিয়ে৷