বিগত ১১ দিন চিকিৎসাধীন হৈ থাকি গুৱাহাটী চিকিৎসা মহাবিদ্যালয়তে শেষ নিশ্বাস ত্যাগ বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া তথা সত্ৰীয়া সংস্কৃতিৰ একনিষ্ঠ সাধক বশিষ্ঠ দেৱশৰ্মাৰ।
শুকুৰবাৰে সন্ধিয়া হাস্পতালত বুঢ়া সত্ৰীয়াগৰাকীৰ প্ৰয়াণৰ খবৰ প্ৰচাৰ হোৱাৰ পিছতে শোকস্তব্ধ হৈ পৰিছে সমগ্ৰ ৰাজ্যবাসী।
বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মাৰ বিয়োগত গভীৰ শোক ব্যক্ত কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ লগতে বিভিন্নজনে।
উল্লেখ্য যে, যোৱা ১১ অক্টোবৰৰ পৰা শাৰীৰিক অসুস্থতাৰ বাবে জিএমচিএইছত চিকিৎসাধীন হৈ আছিল বুঢ়া সত্ৰীয়া বশিষ্ঠ দেৱশৰ্মা।
বৰপেটা সত্ৰৰ বুঢ়া সত্ৰীয়া, আমাৰ অতি আদৰৰ বশিষ্ঠ দেৱশৰ্মা দেৱক যেতিয়াই লগ পাইছিলোঁ, এটি নিভাঁজ হাঁহিৰে তেখেতে মোক সম্ভাষণ জনোৱাৰ লগতে মৰম-আশীৰ্বাদ যাচিছিল। আমি ছাত্ৰ সংগঠন কৰি থকাৰ সময়ৰেপৰা তেখেতৰ ঘৰখনৰ সৈতে এক নিবিড় সম্পৰ্ক গঢ় হৈ উঠিছিল। pic.twitter.com/TWOTRuKxe2
— Sarbananda Sonowal (@sarbanandsonwal) October 22, 2022
১৯৩৮ চনৰ ১ এপ্ৰিলত বৰপেটাৰ সুন্দৰীদিয়া সত্ৰত জন্মগ্ৰহণ কৰা বশিষ্ঠ দেৱশৰ্মাই পালাৰপাম প্ৰাথমিক বিদ্যালয়ত শিক্ষকতাৰ জীৱন আৰম্ভ কৰি দক্ষিণহাটী প্ৰাথমিক বিদ্যালয়ৰ পৰা অৱসৰ গ্ৰহণ কৰিছিল।
১৯৬৫ত আকাশবাণী গুৱাহাটীত প্ৰথমবাৰৰ বাবে অনুষ্ঠানত অংশগ্ৰহণ কৰি অসমৰ সাংস্কৃতিক জগতখনৰ সৈতে ওতোঃপ্ৰতঃভাৱে জড়িত হৈ পৰিছিল দেৱশৰ্মা।
আকাশবাণীত তেওঁ নিবিৰ কীৰ্তন, হোলীগীত, নাও খেলৰ গীত, বৰগীত পৰিৱেশন কৰিছিল। সমান্তৰালভাৱে ভাওনাতো অভিনয় কৰিছিল বশিষ্ঠ দেৱশৰ্মাই।
মহাপুৰুষ দুজনাৰ একান্ত অনুগামী, বৰপেটা সত্ৰৰ পৰম পূজনীয় বুঢ়া সত্ৰীয়া শ্ৰীযুত বশিষ্ঠ দেৱশৰ্মাদেৱ আছিল এক অনুষ্ঠান সদৃশ ৷ তেখেতৰ মহাপ্ৰয়াণৰ বাতৰিত মৰ্মাহত হৈছোঁ ৷ তেখেতে ৰিক্ত কৰা এই স্থান অপূৰণীয় হৈ ৰ'ব৷ pic.twitter.com/BZZ9Kyuzqj
— Himanta Biswa Sarma (@himantabiswa) October 22, 2022
উল্লখ্য যে, ড০ ভূপেন হাজৰিকাই পৰিচালনা কৰা এৰাবাটৰ সুৰ নামৰ ছবিখনতো ভোৰতাল নৃত্য পৰিৱেশন কৰিছিল বশিষ্ঠ দেৱশৰ্মাই।
১৯৯৩ চনত বৰপেটা সত্ৰত ডেকাসত্ৰীয়া হিচাপে যোগদান কৰি তেওঁ প্ৰায় ৩০০ খন শাখা সত্ৰক একগোট কৰি সত্ৰীয়া সংস্কৃতিৰ আঁত ধৰিছিল।
২০০৭ চনত বৰপেটা সত্ৰৰ বুঢ়াসত্ৰীয়া হিচাপে নিৰ্বাচিত হোৱা বশিষ্ঠ দেৱশৰ্মাক ২০১৭ চনত অসম চৰকাৰে শংকৰদেৱ বঁটা প্ৰদান কৰি সন্মানিত কৰিছিল।