বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি

216

বৰথল দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ত উত্তপ্ত পৰিস্থিতি।

দলৈগাঁও উচ্চতৰ মাধ্যমিকত অধ্যয়নৰত এজন ছাত্ৰক মাৰপিট কৰাত কেন্দ্ৰ কৰি উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয়।

বিদ্যালয় খনৰ অধ্যাপক আব্দুল কোদ্দুছকো দূব্যৱহাৰ কৰে একাংশ দুস্কৃতিকাৰীয়ে।

দলৈগাঁও উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অষ্টম শ্ৰেণীৰ মিনহাছ ৰাৰ্বানী নামৰ ছাত্ৰ এজনক মৈৰাবাৰীৰ এখন ব্যক্তিগত বিদ্যালয় CV Ramon Academyৰ ছাত্ৰই মাৰপিট কৰাক কেন্দ্ৰ কৰি সূত্ৰপাত হোৱা কাজিয়া খনে পিছলৈ ভয়ংকৰ ৰূপ লোৱাত বৰ্তমানে বিদ্যালয় খনত একাংশ দুস্কৃতিকাৰীয়ে বিদ্যালয় খনত সোমাই এক অপ্ৰীতিকৰ ঘটনা সংগঠিত কৰে। জানিব পৰা মতে বৰদলৈ কছাৰী গাঁৱৰ আবুল কাচেমৰ লগতে একাংশ দুস্কৃতিকৰীৰ দʼল এটাই আক্ৰমণ কৰে বিদ্যালয় খনত ।

বিদ্যালয় খনৰ অধ্যাপক গৰাকীক আক্ৰমণ কৰাত বৰ্তমানে বিদ্যালয় খনত ছাত্ৰ ছাত্ৰী সকলে এক প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰি অধ্যাপক গৰাকীক আক্ৰমণ কৰা দিস্কৃতিকাৰীক গ্ৰেপ্তাৰ কৰাৰ দাবী জনায়।

অৱশ্যে মৈৰাবাৰী থানাৰ আৰক্ষী ঘটনা স্থলীত উপস্থিত হোৱাতহে ঘটনা শান্ত হয়।