ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ অসম বিজ্ঞান সমিতিৰ জাজৰি শাখাৰ উদ্যোগত তথা অসম বিজ্ঞান প্ৰযুক্তিবিদ্যা আৰু পৰিৱেশ পৰিষদৰ সৌজন্যত উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয় তথা বৃহত্তৰ বৰচিলা আঞ্চলিক ৰাইজৰ আতিথ্যত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে নগাঁও জিলাৰ বেবেজীয়াৰ পশ্চিমপ্ৰান্তত অৱস্থিত বৰচিলাত “গ্ৰাম্য বিজ্ঞান মেলা”ৰ আৰম্ভ হৈছে।
এই উপলক্ষে উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয় প্ৰাংগণত আয়োজিত বিজ্ঞান মেলাৰ কাৰ্যসূচী অনুসৰি আজি পুৱা পতাকা উত্তোলন কৰে অসম বিজ্ঞান সমিতিৰ জাজৰি শাখাৰ কাৰ্যকৰী সভাপতি বিপুল ৰাজকুমাৰে। ইয়াৰ পাছতে গছপুলি ৰোপনৰ শুভাৰম্ভ কৰে সমাজকৰ্মী নোমল চন্দ্ৰ বৰাই। বিজ্ঞানৰ নমুনা প্ৰতিযোগিতা আৰু প্ৰদৰ্শনীৰ দ্বাৰ উন্মোচন কৰে মৰিগাঁও জিলাৰ ৰেচম বিভাগৰ সহকাৰী সঞ্চালিকা বীনা হাজৰিকাই। চিত্ৰাংকন প্ৰতিযোগিতাৰ পৰিচালনা কৰে উত্তৰ শিলপুখুৰী মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মাণিক কুমাৰ দাস আৰু সহকাৰী শিক্ষক অজিত বৰাই।
বিয়লি ১ বজাৰ পৰা অনুষ্ঠিত হয় ডিমৰীয়া মহাবিদ্যালয়ৰ সহযোগী অধ্যাপক মোহিনী মোহন ডেকাৰ সঞ্চালনাত বক্তৃতা অনুষ্ঠান। “পৰিৱেশ আৰু জীৱনৰ সুৰক্ষাৰ বাবে আদ্ৰভূমি আৰু আমাৰ কৰণীয়” শীৰ্ষক বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰি অসম বিজ্ঞান সমিতিৰ ভাৰপ্ৰাপ্ত প্ৰধান সচিব মৃণাল হাজৰিকাই কয় যে বিজ্ঞান গাঁৱত সৃষ্টি হয়, প্ৰয়োগ হয় নগৰত। এতিয়া গছবিলাকৰ উচ্চতা চাপৰ, কিন্তু বসতি কৰা ঘৰবিলাক ওখ। হাজৰিকাই আৰু কয় যে ৰাজ্যত জলবায়ুৰ আদ্ৰতাৰ বাবে নৈ, বিল, জলাশয় হ্ৰাস হৈ আহিছে।

আলোচনা চক্ৰৰ আন এজন আলোচক পৰিবেশ আৰু উন্নয়ন স্বতন্ত্ৰ গৱেষক ড° জয়ন্ত কুমাৰ শৰ্মাই কয় যে অসমৰ প্ৰাকৃতিক সম্পদসমূহৰ ওপৰত কাৰোৰে দায়িত্ববোধ নোহোৱা হৈছে। আদ্ৰভূমিবোৰত কেতবোৰ উদ্ভিদ প্ৰজাতিৰ জৈৱিক গেছ উৎপাদনৰ লাভজনক ক্ষেত্ৰ হিচাপে বিবেচিত হ’ব পাৰে। জৈৱিক গেছ উৎপাদন,ভূমি স্খলনৰ ৰোধৰ বিবেচিত হ’ব পাৰে অসমৰ আদ্ৰভূমি।
অন্যহাতে “যুৱ স্বাস্থ্য ধঁপাত আৰু অন্যান্য নিচা জাতীয় দ্ৰব্যসেৱনৰ কুপ্ৰভাৱ আৰু প্ৰতিকাৰ” শীৰ্ষক আলোচনা চক্ৰত আলোচক ৰূপে উপস্থিত থাকি মৰিগাঁও জিলাৰ মহকুমা স্বাস্থ্য বিষয়া ডা° জয়া বড়োয়ে ছাত্ৰ-ছাত্ৰীসকলে ৰাগিয়াল বস্তু সেৱনৰ পৰা দূৰত আতৰত থাকিব লাগে বুলি কয়। সঞ্চালকৰ ভাষণত অধ্যাপক মোহিনী মোহন ডেকাই কয় যে বিজ্ঞান গৱেষণা যুক্তিৰ আধাৰত প্ৰতিষ্ঠিত। বিজ্ঞান চৰ্চাৰ জৰিয়তে সমাজৰ ধৰ্মান্ধতা আৰু কু-সংস্কাৰ দূৰ কৰিব পাৰি।
অসম বিজ্ঞান সমিতিৰ জাজৰি শাখাৰ সম্পাদক জানমণি বৰাই আঁত ধৰা আলোচনা চক্ৰখনিৰ মুকলি সভাত মৰিগাঁও জিলা ৰেচম বিভাগৰ সহকাৰী সঞ্চালিকা বীনা হাজৰিকা, তিৱা স্বায়ত্ত পৰিষদৰ কাৰ্যকৰী সদস্য খগেন বৰদলৈ, সাংবাদিক দেৱজিৎ হাজৰিকা, বিজ্ঞান সমিতিৰ সদস্য ইমদাদুল হককে ধৰি কেইবাজনো গণ্যমান্য ব্যক্তি উপস্থিত থাকে।
ইপিনে কাইলৈ (৩০ এপ্ৰিলত)পুৱা পৰিৱেশ নিকাকৰণৰ পাছতে অনুষ্ঠিত হ’ব বিজ্ঞান বিষয়ক কুইজ প্ৰতিযোগিতা। ইয়াৰ পাছতে তিৱা সাহিত্য সভাৰ সভাপতি দীপেন্দ্ৰ নাথ বৰদলৈৰ সঞ্চালনাত “প্ৰাপ্ত বয়স্কসকলৰ অন্ধবিশ্বাস আৰু শিশুৰ মানসিক বিকাশত ইয়াৰ প্ৰভাৱ” আৰু “বন্যপ্ৰাণীসমূহৰ গুৰুত্ব আৰু সুৰক্ষাৰ বাবে আমাৰ কৰণীয়” শীৰ্ষক বক্তৃতা অনুষ্ঠিত হ’ব। বক্তৃতা অনুষ্ঠানটি উদ্বোধন কৰিব বটদ্ৰৱা সমষ্টিৰ বিধায়িকা শিৱা মণি বৰাই।
