বোৰ্কা সাতগাঁও পঞ্চায়তত সংঘটিত দুৰ্নীতিৰ তদন্ত বিচাৰি স্মাৰক পত্ৰ প্ৰদান মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ

169

পৱন নীল কাশ্যপ, চাংসাৰীঃ দুৰ্নীতিৰ বিৰুদ্ধে শূণ্য সহনশীলতাৰ নিদৰ্শন দাঙি ধৰা বিজেপি চৰকাৰৰ সন্মুখত থিয় দিছে অসংখ্য প্ৰত্যাহ্বানে। বিশেষকৈ পঞ্চায়ত সমূহত সংঘটিত দুৰ্নীতি-অনিয়মে এতিয়া চৰম সীমা পাইছে।এইক্ষেত্ৰত যেন শীৰ্ষত কমলপুৰ সমষ্টিৰ অন্তৰ্গত বোৰ্কা সাঁ‌তগাওঁ‌ পঞ্চায়ত। পঞ্চায়ত গৃহ নিৰ্মাণৰ নামত লেহেমীয়া কাম, পঞ্চায়তৰ পথ নিৰ্মাণত ব্যাপক অনিয়ম, নিম্নমানৰ ষ্ট্ৰীট লাইট প্ৰদান, অনাময় আঁ‌চনিত দুৰ্নীতি, জবকাৰ্ডৰ নামত দুনীৰ্তি, চৰকাৰী গৃহ প্ৰদানৰ নামত চাহ খৰচ বিচাৰি পঞ্চায়তৰ একাংশ প্ৰতিনিধিয়ে হিতাধিকাৰীক আমনি কৰাৰ কথাই পঞ্চায়তবাসী ৰাইজক আমুৱাইছে।

তাৰ বাবে শুকুৰবাৰে মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ এটা দলে বোৰ্কা সাতগাঁও পঞ্চায়ৰ অধীনত হোৱা প্ৰতিটো কামৰ দুৰ্নীতিৰ বিৰুদ্ধে উচিত তদন্ত বিচাৰি এক ব্যৱস্থা গ্ৰহণ কৰিবলৈ কমলপুৰ ৰাজহ চক্ৰ বিষয়াক স্মাৰক পত্ৰ প্ৰদান কৰে।

উক্ত স্মাৰক পত্ৰ প্ৰদান কাৰ্যসূচীত উপস্থিত থাকে ৰঙিয়া মহকুমা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক ভৱেশ দাস, কামৰূপ জিলা ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক নয়ন জ্যোতি কলিতা, মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ সম্পাদক অমৰ জ্যোতি নাথ, শিক্ষা সম্পাদক দীপজ্যোতি দাসৰ লগতে মধ্য কামৰূপ কেন্দ্ৰীয় ছাত্ৰ সন্থাৰ বিষয়ববীয়াসকল।