বোকাজানত ভয়ংকৰ পথ দুৰ্ঘটনা

66

আজি পুৱা প্ৰায় ১০ বজাত বোকাজান নগৰৰ নিজৰাপাৰত ৩৯ নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হয় এক পথ দুৰ্ঘটনা। AS-01-EE-1805 নম্বৰৰ এখন অল্ট’ আৰু AS-09-F-9041 নম্বৰৰ এখন মটৰচাইকেলৰ মাজত মুখামুখি সংঘৰ্ষৰ ফলত সংঘটিত হয় এই পথ দুৰ্ঘটনা। দুৰ্ঘটনাৰ ফলত দুয়োগৰাকী ব্যক্তি গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয়। পৰৱৰ্তী সময়ত ঘটনাস্থলীত বোকাজান আৰক্ষী উপস্থিত হৈ আহত লোককেইজনক ততাতৈয়াকৈ বোকাজান সমূহীয়া স্বাস্থ্য কেন্দ্ৰলৈ প্ৰেৰণ কৰে৷ কিন্তু আঘাত গুৰুতৰ হোৱাৰ বাবে ব্যক্তি দুগৰাকীক উন্নত চিকিৎসাৰ বাবে ডিমাপুৰলৈ প্ৰেৰণ কৰে বুলি জানিব পৰা গৈছে।