বোকাজানত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ ২ সৰবৰাহকাৰীক আটক

168

সোমবাৰে কাৰ্বি আংলং জিলাৰ বোকাজানত দুই ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰা হৈছে।

এক নিৰ্দিষ্ট খবৰৰ ভিত্তিত অভিযান চলাই আজি পুৱা বোকাজান আৰক্ষীয়ে ডিলাই তিনিআলিত আটক কৰে দুই ড্ৰাগছ সৰবৰাহকাৰীক।

এখন বাহন আটক কৰি ফ্ৰিস্কিং অভিযান চলোৱাৰ লগে লগে গাড়ীখনৰ দুৱাৰৰ পেনেলৰ ভিতৰত লুকুৱাই ৰখা ২০৪ গ্ৰাম হেৰ’ইন থকা ১৬টা চাবোনৰ বাকচ উদ্ধাৰ কৰা হয়।

বাহনখনৰ পঞ্জীয়ন নম্বৰ এ এছ ০১ এন চি ৩৮৪৮।

ধৃত দুজন লোক ফৰিদুল ইছলাম (৩৫) আৰু আজমিৰ আলী (২১) বুলি চিনাক্ত কৰা হৈছে। দুয়োজন চোৰাং ব্যৱসায়ী মৰিগাঁও জিলাৰ বাসিন্দা আছিল।

ইফালে, ঘটনা সন্দৰ্ভত এক গোচৰ ৰুজু কৰি আৰক্ষীয়ে অধিক তদন্ত অব্যাহত ৰাখিছে।