বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ পৰা পলায়ন কোভিড আক্ৰান্ত ৰোগীৰ

58

বোকাখাতৰ শ্বহীদ কমলামিৰি অসামৰিক চিকিৎসালয়ৰ কোভিড কেয়াৰ চেণ্টাৰৰ পৰা পলায়ন কোভিড আক্ৰান্ত ৰোগীৰ। জানিব পৰা মতে, গুৱাহাটীৰ হেমন্ত চৰেন নামৰ ২৪ বৰ্ষীয় যুৱকজনৰ দেহত যোৱা শুকুৰবাৰে কোভিড পজিটিভ ধৰা পৰিছিল। তাৰ পিছতে তেওঁৰ নুমলীগড়ৰ কোভিড পৰীক্ষা কেন্দ্ৰৰ পৰা বোকাখাতৰ চিকিৎসালয়ত ভৰ্তি কৰা হয়।

কিন্তু আজি পুৱাই হাস্পতালৰ পৰা পলায়ন কৰে কোভিড আক্ৰান্ত হেমন্ত চৰেন। ঘটনা সন্দৰ্ভত বোকাখাত চিকিৎসালয় কৰ্তৃপক্ষই আৰক্ষীক অৱগত কৰাৰ পিছতে যুৱকজনৰ সন্ধানত নামি পৰিছে বোকাখাত আৰক্ষী।