বোকাখাতৰ দুই যুৱকক আটক আৰক্ষীৰ

111

ট্ৰেডিং গোচৰত অভিযুক্ত চুমি বৰা আৰু তাৰ্কিক বৰাৰ সৈতে সম্পৰ্ক ৰক্ষা কৰা বোকাখাতৰ দুই যুৱকক আটক বোকাখাত আৰক্ষীৰ। বোকাখাতৰ মিলনপুৰৰ চন্দন নাথ আৰু লতাবাৰীৰ শোভনজ্যোতি কুৰ্মীক সোমবাৰে নিশা আটক কৰে বোকাখাত আৰক্ষীয়ে। জানিব পৰা মতে, যোৱা সপ্তাহত শোভনজ্যোতিৰ ঘৰত আশ্ৰয় লৈছিল চুমি-তাৰ্কিকে। এই কাৰ্যত চন্দন নাথেও সহযোগ কৰাৰ তথ্য লাভ কৰিছে আৰক্ষীয়ে। উল্লেখযোগ্য যে, ২০১৬ চনৰ পৰাই তাৰ্কিকৰ সৈতে সহযোগী হিচাপে কাম কৰি আহিছে শোভনজ্যোতি কুৰ্মীয়ে। আজি CIDয়ে গুৱাহাটীলৈ তলব কৰিছে শোভনজ্যোতিক।