বোকাখাতত সৰবৰাহৰ সময়তে উদ্ধাৰ ৩৫টা গৰু…

129

গোলাঘাট জিলাৰ বোকাখাতত মঙলবাৰে নিশা সৰবৰাহৰ সময়তে জব্দ হয় ৩৫টা গৰু।

সূত্ৰই জনোৱা মতে, নিয়মীয়া পৰীক্ষাৰ বাবে আৰক্ষীয়ে আটক কৰা এখন ট্ৰাকৰ পৰা গৰু সমূহ উদ্ধাৰ হয়।

তালাচীৰ সময়ত আৰক্ষীয়ে ট্ৰাকখনৰ পিছফালে চোৰাংভাৱে অনা মুঠ ৩৫টা উদ্ধাৰ কৰে।

ইফালে, জব্দ কৰাৰ সন্দৰ্ভত বুলবুল হুছেইন নামৰ ট্ৰাকখনৰ চালকজনক গ্ৰেপ্তাৰ কৰা হৈছে।

জানিব পৰা মতে, বোকাখাতত আটক কৰাৰ পূৰ্বে কুৰুৱাবাহীৰ পৰা চামগুৰিলৈ সৰবৰাহ কৰা হৈছিল গৰু কেইটা।

শেহতীয়াকৈ গোলাঘাট জিলাত মুঠ ৪১টা গৰু উদ্ধাৰ কৰা হৈছে।

বোকাখাতৰ পৰা নগাঁৱৰ চামগুৰিৰে গৈ থকা এখন কণ্টেইনাৰ ট্ৰাকৰ পৰা উদ্ধাৰ কৰা হৈছিল গৰু কেইটা।