বোকাখাতত AJPৰ ৰাজ্যিক সম্পাদক সহ নেতা-কৰ্মীৰ পদত্যাগঃ অগপত যোগদান

70

প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম সময়সীমা পাৰ হৈ যোৱাৰ পিচত সঘনাই সলনি হৈছে ৯৩ নং বোকাখাত বিধান সভাৰ নিৰ্বাচনী দৃশ্যপট৷ মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিনা অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী হিচাপে ৰেৱকান্ত গগৈয়ে মনোনয়ন পত্ৰ দাখিলৰ পিচতেই নিশালৈ দলটোৰ একাংশ কৰ্মীয়ে পদত্যাগ কৰাৰ লগতে আনুষ্ঠানিকভাৱে অসম গণ পৰিষদ দলত যোগদান কৰে৷

প্ৰথম অৱস্থাত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী জীৱন চন্দ্ৰ বৰালৈ অসম জাতীয় পৰিষদে সমৰ্থন আগবঢ়াই বোকাখাত সমষ্টিত প্ৰাৰ্থী নিদিয়াৰ কথা ঘোষণা কৰিছিল যদিও মংগলবাৰৰ দিনা এই মিত্ৰতা ভংগ কৰি ৰেৱ গগৈয়ে অসম জাতীয় পৰিষদৰ হৈ মনোনয়ন পত্ৰ দাখিল কৰে৷ দলৰ এনে কাৰ্যত ক্ষোভিত হৈ দলটোৰ একাংশ নেতাই বোকাখাতত অসম গণ পৰিষদত যোগদান কৰে৷ যোৱা নিশা অগপৰ সভাপতি অতুল বৰাৰ বাসগৃহত কেশৱ মহন্তৰ উপস্থিতিত অসম জাতীয় পৰিষদৰ ৰাজ্যিক সম্পাদক দীপক হাজৰিকাৰ নেতৃত্বত গোলাঘাট জিলা সমিতিৰ ধীৰেণ দাস,কাজল মণ্ডল, মনোৰঞ্জন বৰা, অজিত বৰা, জীৱন বৰা, কুন্তুলা মাৰ্ডি টুৰি, বিজয় পাইক, বোকাখাত সমিতিৰ লেখক জ্যোতি তুৰি, অজিত কুৰ্মী, নবীন কুৰ্মী, চুবেন উৰিয়া, উপেন উৰিয়া, দিগন্ত ইন্দোৱাৰ, শিৱ উৰিয়া, শিৱ খাৰিয়া, ৰাজীৱ বৰাই আনুষ্ঠানিকভাৱে অগপত যোগদান কৰে৷

ইয়াৰ লগে লগেই বোকাখাতো ৰাইজৰ দল তথা আঞ্চলিক গণমৰ্চাৰ সৈতে মিত্ৰতা ভংগ কৰি সমষ্টিটোত নিজা ববীয়াকৈ প্ৰতিদ্বন্দিতা কৰাৰ কথা স্পষ্ট হ’ল ৷ উল্লেখ্য যে, ৰাইজৰ দলৰ সমৰ্থনত আঞ্চলিক গণ মৰ্চাৰ প্ৰাৰ্থী হিচাপে জীৱন চন্দ্ৰ বৰাই বোকাখাতত মনোনয়ন পত্ৰ দাখিল কৰিছে৷