বৈষ্ণৱ পণ্ডিত, সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ অভিনন্দন গ্ৰন্থ প্ৰজ্ঞা বাৰিধি উন্মোচন

107

                         ষ্টাফৰিপৰ্টাৰ,  বৈষ্ণৱ পণ্ডিত, মাজুলীৰ নতুন কমলাবাৰী সত্ৰৰ সত্ৰাধিকাৰ নাৰায়ণ চন্দ্ৰ গোস্বামীৰ অভিনন্দন গ্ৰন্থ প্ৰজ্ঞা বাৰিধি শ্ৰী নাৰায়ণ চন্দ্ৰ গোস্বামী আজি গুৱাহাটীৰ নেম কেয়াৰ হাস্পতালত উন্মোচন কৰা হয়। গ্ৰন্থখনি উন্মোচন কৰে নেম কেয়াৰ হাস্পতালৰ অধ্যক্ষ ডঃ হিতেশ বৰুৱাই। গ্ৰন্থখনি উন্মোচন কৰি ডঃ বৰুৱাই নাৰায়ণ চন্দ্ৰ গোস্বামীৰ পাণ্ডিত্যৰ বিষয়ে আলোকপাত কৰে । তেখেতৰ দৰে এগৰাকী প্ৰজ্ঞাৰ অধিকাৰীক সম্পূৰ্ণৰূপে সুস্থ কৰি তোলাৰ বাবে নেম কেয়াৰ হাস্পতালে সম্ভপৰ সকলো কৰা বুলিও জানিবলৈ দিয়ে। চিকিৎসাধীন হৈ থকা নাৰায়ণ চন্দ্ৰ গোস্বামীয়ে চমু বক্তব্যত কয় বহুত কামেই কৰিবলৈ আছে সুস্থ হৈ উঠিলে সেইখিনি কৰাৰ আশা পুহি ৰাখিছোঁ। তেখেতৰ চিকিৎসাৰ ব্যৱস্থা কৰা বাবে অসম চৰকাৰক বিশেষভাবে ধন্যবাদ জ্ঞাপন কৰে । নতুন কমলাবাৰী সত্ৰৰ ডেকা সত্ৰাধিকাৰ সত্যজিৎ মহন্তই আঁত ধৰা অনুষ্ঠানটোত ভাগ লৈ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সচিব সুদৰ্শন ঠাকুৰৰ লগতে ডঃ কিশোৰ বৰ্মনে শুভেচ্ছা মূলক বক্তব্য আগবঢ়ায়। আনহাতে আজি দিনৰ 1বজাত মাজুলী মহাবিদ্যালয়টো গ্ৰন্থখনি উন্মোচন কৰা হয় ।মাজুলীৰ ভোগপুৰ সত্ৰৰ সত্ৰাধিকাৰ দত্ত দেৱ গোস্বামীয়ে গ্ৰন্থখনি উন্মোচন কৰে।