বৈশাষি উৎসৱত ফাঁচি বজাৰৰ গুৰুদ্বাৰা সমিতিৰ আৰ্তজনক গুৰু লংগৰ বিতৰণ

194

ষ্টাফৰিপোৰ্টাৰ, ১৮ এপ্ৰিল : বৃহত্তৰ গুৱাহাটী শিখ সমাজে ফাঁচি বজাৰৰ গুৰুদ্বাৰাত ১৩ এপ্ৰিলত সামাজিক ব্যৱধানত থাকি অতি ক’ম সংখ্যক ব্যক্তিৰ উপস্থিতিত বৈশিষি উৎসৱটো কেৱল ধর্মীয় নিয়মটো ৰক্ষা কৰি পালন কৰে। গুৰুগ্ৰন্থ চাহেবৰ পৱিত্ৰ অখণ্ড পাঠৰ সমাপ্তিৰ পাছতে বৰ্তমান পৃথিৱীত মহামাৰী ৰূপ লোৱা তথা কৰ’না ভাইৰাছৰ পৰা সমগ্ৰ বিশ্বৰ জনগণৰ মুক্তি বিচাৰি লগতে বিশ্বৰ শান্তিৰ বাবে ৱাহে গুৰুজীৰ ওচৰত জ্ঞানী ৰঞ্জীত সিং জীয়ে আৰদাস ( প্ৰাৰ্থনা) কৰে। সেই দিনাই গুৰুলং গৰ তৈয়াৰ কৰি গুৱাহাটীত বাস কৰা দুখীয়া লোকসকলৰ মাজত মহানগৰ আৰক্ষী-প্ৰশাসনৰ জৰিয়তে বিতৰণ কৰাৰ লগতে গোপীনাথ নগৰ গুৰুদ্বাৰাৰ কাষত থকা পাঁচ শতাধিক দুখীয়া লোকক খিছিৰি বিৰতণ কৰা হয়। উল্লেখ লকডাউন আৰম্ভ হোৱা দিনৰে পৰা ফাঁচিবজাৰ গুৰুদ্বাৰা প্ৰৱন্ধ সমিতিয়ে গুৱাহাটীৰ বিভিন্ন অঞ্চলত বসবাস কৰা আৰ্টজনৰ বাবে এই লংগৰৰ ব্যৱস্থা কৰি ফাঁচিবজাৰ গুৰুদ্বাৰা সমিতিৰ জৰিয়তে বিতৰণ কৰি অহা হৈছে। লগতে কেন্দ্ৰীয় চৰকাৰে দেশৰ পৰিস্থিতি সাপেক্ষে ৩ মে’ লৈ লকডাউন বৃদ্ধি কৰা উক্ত দিনলৈকে দুখীয়া লোকক এই লংগৰ বিতৰণ কৰিব বুলি ফাঁচি বজাৰ গুৰুদ্বাৰা সমিতিৰ জ্যেষ্ঠ উপদেষ্টা এল পি সিং আৰু উপসভাপতি সুখবিন্দৰ সিং গুল্ডিয়ে এক বিবৃতি যোগে জনাইছে।