বেলশৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদ মেল

257

বেলশৰত জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ সংবাদ মেল। ২ অক্টোবৰৰ পৰা অ-সহযোগ কাৰ্যসূচী ঘোষণা । বন্ধ কৰি দিব বিশুদ্ধ পানী যোগান । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ জৰিয়তে যোগান ধৰা বিশুদ্ধ খোৱা পানী গ্ৰহণ কৰি আছে নেকি ? যদি আছে ২ অক্টোবৰৰ পৰা নাপাব সেই বিশুদ্ধ খোৱা পানী । কাৰণ ২ অক্টোবৰৰ পৰা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰী সকলে গ্ৰহণ কৰিছে অ-সহযোগ আন্দোলন । অকল সেয়াই নহয়, বিশুদ্ধ খোৱা পানী যোগান বন্ধ কৰি দিয়াৰো হুংকাৰ দিছে কৰ্মচাৰী সকলে । জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাৰ গৃহ জিলাতে জনস্বাস্থ্য কাৰিকৰী বিভাগৰ অস্থায়ী কৰ্মচাৰীৰ ক্ষোভ । ২ অক্টোবৰৰ পৰা বিশুদ্ধ খোৱা পানী যোগান বন্ধ কৰি দিয়াৰো হুংকাৰ দিছে অস্থায়ী কৰ্মচাৰী সকলে । উল্লেখ্য যে ২০১৩ চনৰ পৰাই বিনা বেতনে কাম কৰি আছে অস্থায়ী কৰ্মচাৰী সকলে । চাকৰি নিয়মীয়া নহোৱাত এতিয়া ক্ষোভিত হৈ পৰিছে কৰ্মচাৰী সকল । আনকি ভূমি দান কৰিও বহু যুৱকৰ নহ’ল চাকৰি নিয়মীয়া । ২ অক্টোবৰৰ পৰা অ-সহযোগ কাৰ্যসূচী ঘোষণা জনস্বাস্থ্য কাৰিকৰী বিভাগৰ নলবাৰী জিলাৰ অস্থায়ী কৰ্মচাৰী সকলৰ । নলবাৰীৰ বেলশৰত সংবাদ মেলত ঘোষণা কৰে জিলা খনৰ অস্থায়ী কৰ্মচাৰী সকলে ।