বেবেজীয়াৰ জামুগুৰিত মনবৰ নাথৰ স্মৃতিত কেন্দ্ৰীয় শ্বহীদ দিৱসৰ প্ৰস্তুতি

291

ঋতুপৰ্ণ শৰ্মা, নগাঁওঃ ১৯৪২ চনৰ ২০ ছেপ্টেম্বৰত ঢেকিয়াজুলি থানাত ইংৰাজৰ গুলীত দেশমাতৃৰ হকে প্রাণ আহুতি দি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদ হৈছিল শ্বহীদ মনবৰ নাথ। পৰিতাপৰ বিষয় এই যে স্বাধীনতাৰ ৭৬ বছৰৰ পাছতো এইগৰাকী বীৰ শ্বহীদে যি ভাৱে এক ৰাষ্ট্ৰীয় মৰ্যদা পাব লাগিছিল সেই মৰ্যদা বৰ্তমানলৈকে লাভ কৰা পৰিলক্ষিত হোৱা নাই।

কিন্তু বর্তমান বিভিন্ন জাতি-জনগোষ্ঠীৰ সমন্বয় ক্ষেত্ৰ বৰ অসমৰ প্ৰাচীন জনগোষ্ঠী নাথ-যোগী সমাজৰ নৱ প্ৰজন্মৰ সামগ্রিক বিকাশ আৰু উত্তৰণৰ অন্যতম সংগঠন “সদৌ অসম নাথ-যোগী ছাত্ৰ সন্থা”ৰ বিশেষ উদ্যোগত বর্তমান অসমৰ জনপ্ৰিয় চৰকাৰৰ জনপ্ৰিয় তথা মানৱদৰদী মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত, নগাঁও জিলাৰ অভিভাৱক মন্ত্ৰী পীয়ুষ হাজৰিকাৰ তত্বাৱধানত, নগাঁও জিলা প্ৰশাসনৰ ব্যৱস্থাপনাত, নগাঁও জিলা নাথ-যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ ৰাইজৰ একান্ত সহযোগত বেবেজীয়া চাৰিআলিৰ সমীপৰ জামুগুৰি ন–মাটি গড়কাপ্তানি পথ (শ্বহীদ মনবৰ নাথ পথ)ৰ দাঁতিত শ্বহীদ মনবৰ নাথৰ এটি পূর্ণাঙ্গ প্রতিমূৰ্ত্তি নিৰ্মাণৰ কাম পূৰ্ণ গতীত চলি আছে।

ইতিমধ্যে প্রায় ৯০ শতাংশ কাম সম্পূৰ্ণ হৈছে। সদৌ অসম নাথ– যোগী ছাত্ৰ সন্থাই প্রতি বছৰে ২০ ছেপ্টেম্বৰ দিনটো ভাৰত ত্যাগ আন্দোলনত ঢেকিয়াজুলিত ইংৰাজৰ গুলীত প্রাণ আহুতি দিয়া শ্বহীদসকলৰ লগতে অসমৰ প্ৰতিগৰাকী শ্বহীদৰ পবিত্ৰ স্মৃতিত “কেন্দ্ৰীয় শ্বহীদ দিৱস” হিচাপে উদযাপন কৰি আহিছে। উক্ত দিৱসটি এইবছৰ সন্থাৰ নগাঁও জিলা সমিতিৰ উদ্যোগত তথা বেবেজীয়াৰ জামুগুৰি আঞ্চলিক নাথ–যোগী ছাত্ৰ সন্থা আৰু বৃহত্তৰ জামুগুৰি অঞ্চলৰ জাতি–বর্ণ নির্বিশেষে সকলো ৰাইজৰ একান্ত সহযোগত শ্বহীদ মনবৰ নাথৰ জন্মস্থান নগাঁও জিলাৰ জামুগুৰিত উদযাপন কৰিবলৈ স্থিৰ কৰি ব্যাপক প্রস্তুতি চলাইছে।

উক্ত দিৱসৰ লগত সংগতি ৰাখি শ্বহীদ মনবৰ নাথৰ নিৰ্মীয়মাণ প্ৰতিমূৰ্তিটি উন্মোচনৰ দিহা কৰিছে আৰু প্রতিমূৰ্তিটি মাননীয় মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই নিজে উন্মোচন কৰাৰ আশ্বাস প্ৰদান কৰিছে বুলি উদ্যোক্তা সকলে জনাইছে। ইপিনে যোৱা ৰবিবাৰে জামুগুৰিস্থিত বাপুজী হাইস্কুল প্রাঙ্গণত বৃহত্তৰ জামুগুৰি অঞ্চলৰ জাতি–বর্ণ নির্বিশেষে প্রায় তিনি শতাধিক সমাজপ্ৰিয় ৰাইজৰ উপস্থিতিত এখনি ৰাজহুৱা সভা অনুষ্ঠিত হয়।

উক্ত সভাতেই বিশিষ্ট সমাজকর্মী খগেন চন্দ্র নাথক সভাপতি, ভূৱন চন্দ্ৰ নাথক কাৰ্যকৰী সভাপতি, বিশিষ্ট অনাতাঁৰ শিল্পী তথা সমাজকৰ্মী গম্ভীৰ নাথ, ধেনুৰাম নাথ, মায়া দেৱীক উপ সভাপতি প্রশান্ত নাথক সম্পাদক, উৎপল নাথ, জ্ঞানজ্যোতি নাথ, ৰিংকু মনি দেৱীক সহঃ সম্পাদক আৰু ৰাজীৱ কুমাৰ নাথক কার্যালয় সম্পাদক হিচাপে লৈ ৫১ জনীয়া এখনি শক্তিশালী আদৰণী সমিতিৰ লগতে ৮ খন উপ-সমিতি গঠন কৰা হয়।