বেজেৰা সামুহিক স্বাস্থ্য কেন্দ্ৰত শিশুসহ ১৩ জন কোৰোনাত আক্ৰান্ত

67
A health worker collects a swab sample from a man for a Covid-19 coronavirus test at a public health centre in Hyderabad on September 17, 2020. (Photo by NOAH SEELAM / AFP) (Photo by NOAH SEELAM/AFP via Getty Images)

কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ অন্তৰ্গত বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰত কোভিডক লৈ সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। স্বাস্থ্য কেন্দ্ৰটোত স্বাস্থ্য পৰীক্ষা কৰা শিশুসহ ১৩ জনৰ দেহত কোভিড পজিটিভ ধৰা পৰাৰ পিছতে অঞ্চলটোত কোৰোনাক লৈ এক আতংকই বিৰাজ কৰা দেখা গৈছে।

আক্ৰান্ত সকলৰ মাজৰ তিনি গৰাকীক কলিতাকুছি মডেল হাস্পতাললৈ প্ৰেৰণ কৰি বাকী সকলক চিকিৎসকে হোম আইছ’লেচনৰ ব্যৱস্থা কৰা বুলি বেজেৰা সামুহিক স্বাস্থ্যকেন্দ্ৰৰ ভাৰপ্ৰাপ্ত চিকিৎসক ছবিনচন্দ্ৰ দাসে জানিবলৈ দিয়ে। ইফালে আক্ৰান্ত সকলৰ মাজত এটি ৪ বছৰীয়া শিশুও আছে বুলি জানিব পৰা গৈছে।

আনহাতে আজি বিহদিয়া খণ্ড প্ৰাথমিক স্বাস্থ্যকেন্দ্ৰৰ কোভিড পৰীক্ষা কেন্দ্ৰত পুৰুষ-মহিলাকে ধৰি ৫১ গৰাকী লোকক কোভিড পৰীক্ষা কৰা হয়। ইয়াৰ ভিতৰত ৯ গৰাকী লোকৰ পৰীক্ষাৰ প্ৰতিবেদনত কোভিড পজিটিভ বুলি চিনাক্ত হয়।