বৃহস্পতিবাৰৰ পৰা ৰাজ্যত জাৰি হব নতুন SOP

83

গুৱাহাটীঃ অহা বৃহস্পতিবাৰৰ পৰা ৰাজ্যত কাৰ্যকৰী হব নতুন এছঅ’পি। এই কথা জনালে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই। কোভিড পৰিস্থিতিলৈ লক্ষ্য ৰাখি বৰ্তমান জাৰি হৈ থকা এছঅ’পিৰ সালসলনি ঘটাই অহা বৃহস্পতিবাৰৰ পৰা নতুন এছঅ’পি কাৰ্যকৰী কৰাৰ বিষয়ে জনায় মুখ্যমন্ত্ৰীয়েে।

সংবাদ মাধ্যমক মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়া মতে, দেওবাৰে এই নতুন এছঅ’পি চূড়ান্ত কৰা হৈছে। উল্লেখ্য যে, ৰাজ্যৰ কিছু কিছু অঞ্চলত কোভিড পৰিস্থিতি উন্নত হলেও কিছু কিছু জিলাত বৰ্তমানো কোভিড সংক্ৰমণ ক্ৰমাগতভাৱে বৃদ্ধি পাই আছে। এনে পৰিপ্ৰেক্ষিতত ৰাজ্য চৰকাৰে জাৰি কৰিবলগা নতুন এছঅ’পিত পৰিস্থিতি কিছু স্বাভাৱিক হোৱা জিলাসমূহত বৰ্তমান জাৰি হৈ থকা সান্ধ্য আইন কিছু শিথিল কৰা হব পাৰে।