বৃদ্ধি পাব পাৰে TMC সাংসদ মহুৱা মৈত্ৰাৰ সমস্যা! এইবাৰ তদন্ত আৰম্ভ কৰিছে CBIয়ে

336

ধনৰ বিনিময়ত প্ৰশ্ন গোচৰত সমস্যা বৃদ্ধি পাব পাৰে তৃণমূল কংগ্ৰেছৰ লোকসভাৰ সাংসদ মহুৱা মৈত্ৰাৰ। এতিয়া এই গোচৰৰ প্ৰাৰম্ভিক তদন্ত আৰম্ভ কৰিছে চিবিআইয়ে। চিবিআইৰ সূত্ৰ অনুসৰি তদন্তকাৰী সংস্থাটোৱে দুৰ্নীতি বিৰোধী ন্যায়াধীশৰ নিৰ্দেশমৰ্মে মহুৱা মৈত্ৰাৰ বিৰুদ্ধে প্ৰাৰম্ভিক তদন্ত পঞ্জীয়ন কৰিছে। বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে টিএমচিৰ সাংসদগৰাকীয়ে ব্যৱসায়ী দৰ্শন হিৰননন্দনীৰ পৰা প্ৰশ্ন সুধিবলৈ উৎকোচ লৈছিল বুলি অভিযোগ উত্থাপন কৰিছিল।

বিজেপিৰ সাংসদগৰাকীয়ে এই সমগ্ৰ বিষয়টো দুৰ্নীতি বিৰোধী লোকপালৰ ওচৰতো অভিযোগ দিছিল। লগতে মৈত্ৰাই আৰ্থিক লাভৰ বাবে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ লগত আপোচ কৰাৰ অভিযোগ উত্থাপন কৰিছে সাংসদগৰাকীয়ে। সম্প্ৰতি লোকসভাৰ নৈতিকতা সমিতিয়ে মৈত্ৰাৰ বিৰুদ্ধে উত্থাপিত এই গুৰুতৰ অভিযোগৰ তদন্ত চলাই আছে। শেহতীয়াকৈ কমিটীয়েও মৈত্ৰাক এই বিষয়ত জেৰা কৰিছিল।

এই গোচৰৰ প্ৰাৰম্ভিক তদন্তত এতিয়া চিবিআইয়ে জানিবলৈ চেষ্টা কৰিব যে টিএমচিৰ সাংসদগৰাকীৰ বিৰুদ্ধে উত্থাপিত অভিযোগসমূহ পুংখানুপুংখ তদন্তৰ যোগ্য হয় নে নহয়। এই সময়ছোৱাত যদি চিবিআইয়ে টিএমচিৰ সাংসদগৰাকীৰ বিৰুদ্ধে প্ৰমাণ বিচাৰি পায়, তেন্তে চিবিআইয়ে তদন্তৰ সৈতে সম্পূৰ্ণৰূপে জড়িত হ’ব আৰু গোচৰটোক এফআইআৰলৈ ৰূপান্তৰিত কৰিব পাৰিব।

বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে অভিযোগ কৰিছে যে এই উপহাৰৰ বিনিময়ত মৈত্ৰাই হিৰনন্দনীৰ নিৰ্দেশত সংসদত প্ৰশ্ন কৰি আদানী গ্ৰুপ আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীক লক্ষ্য কৰি লৈছিল। আনহাতে, টিএমচিৰ সাংসদগৰাকীয়ে তেওঁৰ বিৰুদ্ধে উত্থাপিত অভিযোগ নাকচ কৰিছে। তেওঁ দাবী কৰে যে তেওঁক ইচ্ছাকৃতভাৱে লক্ষ্য কৰি লোৱা হৈছে কাৰণ তেওঁ আদানী গ্ৰুপৰ সৈতে জড়িত চুক্তিখনৰ ওপৰত প্ৰশ্ন উত্থাপন কৰিছিল।

এই বিষয়ত ২ নৱেম্বৰত মহুৱা মৈত্ৰই লোকসভাৰ নৈতিকতা সমিতিৰ সন্মুখত হাজিৰ হৈছিল। মহুৱা মৈত্ৰাই প্ৰায় ডেৰ ঘণ্টা ধৰি সমিতিৰ প্ৰশ্নৰ উত্তৰ দি থাকিল। এই সময়ত তেওঁ এই অভিযোগ অস্বীকাৰ কৰে। বৈঠকত গৃহ মন্ত্ৰণালয় আৰু বৈদেশিক মন্ত্ৰালয়ৰ প্ৰতিবেদনৰ ওপৰত আলোচনা কৰা হয়।

তথ্য অনুসৰি মৈত্ৰাই কমিটীৰ সন্মুখত যুক্তি দিওঁতে কয় যে তেওঁৰ ব্যক্তিগত জীৱনক ইছ্যু কৰি তোলা হৈছে। সাংসদগৰাকীয়ে কয় যে তেওঁ কোনো ভুল কৰা নাই। ইফালে একাংশ সাংসদে কয় যে ইয়াত ব্যক্তিগত জীৱনৰ আলোচনা হোৱা নাই যদিও আপোনাৰ ওপৰত সংসদীয় অধিকাৰৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন হৈছে।