বৃদ্ধি পাব ঘৰুৱা বিমানৰ টিকটৰ মূল্য

71

বৃদ্ধি কৰা হব ঘৰুৱা বিমানৰ টিকটৰ মূল্য। কোভিড পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰিছে কেন্দ্ৰীয় চৰকাৰে। যাত্ৰীৰ হাৰ হ্ৰাস কৰাৰ বাবেই ঘৰুৱা বিমানৰ টিকটৰ মূল্য বৃদ্ধি কৰা হব বুলি জানিব পৰা গৈছে।

দেশৰ ভিতৰতে চলা বিমানত এতিয়া ৮০ শতাংশ যাত্ৰীৰ বাবে ৫০ শতাংশ যাত্ৰীহে কঢ়িয়াব পাৰিব। অহা ১ জুনৰ পৰা কাৰ্যকৰী হব এই নতুন নিয়ম। উল্লেখ্য যে, ১ জুনৰ পৰা ঘৰুৱা বিমানৰ টিকটৰ নুন্যতম মূল্য হ’ব ২,৬০০-৭,৮০০ টকা আৰু সৰ্বাধিক মূল্য হব ৮,৭০০-২৪,২০০। ৩১ জুলাইলৈকে বাহাল থাকিব এই নিৰ্দেশনা।