বুধবাৰে নিশা পুনৰ ৫টাকৈ ভূমিকম্পৰ জোকাৰণিয়ে শংকিত কৰিলে ৰাজ্যবাসীক

65

বুধবাৰৰ পুৱাৰ বৰভূঁইকপৰ পিছত পুনৰ কেইবাটাও ভূমিকম্পই জোকাৰি যায় সমগ্ৰ ৰাজ্য। নিশা ১১ বাজি ৩৮ মিনিটত ভূমিকম্পৰ জোকাৰণি অনুভূত হোৱাৰ লগতে ১২.২৪ বজাত, ১.২০ বজাত,১,৪১ বজাত আৰু ১,৫২ বজাত ভূমিকম্পই জোকাৰি যায় ৰাজ্য খনক।

ভূমিকম্প কেইটাৰ ৰিখটাৰ স্কেলত প্ৰাৱল্য আছিল ক্ৰমে ২.৮,২.৬,৪.৬,২.৩,২.৮। সৰ্বমুঠ ৫ টাকৈ ভূমিকম্পই মাজনিশা জোকাৰি যায় ৰাজ্য খন। ভূমিকম্প কেইটাৰ অভিকেন্দ্ৰ আছিল শোনিতপুৰ ।ইফালে সঘনাই ভূমিকম্প অহাৰ বাবে জনসাধাৰণ শংকিত হৈ পৰা দেখা গৈছে।