বিৰোধীৰ মোবাইল ফোন হেকিঙক লৈ সূত্ৰপাত ঘটা বিতৰ্কৰ মাজতে তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়ে বৃহস্পতিবাৰে (২ নৱেম্বৰ) এপলক এক জাননী জাৰি কৰি এই সতৰ্কবাণীৰ বিষয়ে সোধে। জাননীখনত প্ৰশ্ন উত্থাপন কৰা হৈছে যে ‘ৰাষ্ট্ৰৰ পৃষ্ঠপোষকতাত আক্ৰমণৰ কি প্ৰমাণ আছে’। দৰাচলতে বিৰোধী দলৰ নেতাসকলে চৰকাৰে তেওঁলোকৰ ফোন হেক কৰিবলৈ চেষ্টা কৰা বুলি আশংকা প্ৰকাশ কৰিছিল। এই বাৰ্তাত ‘চৰকাৰ পৃষ্ঠপোষকতাত হেকিঙৰ চেষ্টা’ৰ কথা উল্লেখ কৰা হৈছিল। এই গোটেই বিষয়টোৰ পিছতে দেশত হুলস্থুল আৰম্ভ হ’ল।
পিটিআই সংস্থাৰ মতে, তথ্য প্ৰযুক্তি সচিব এছ কৃষ্ণনে বৃহস্পতিবাৰে কয় যে এপলে তেওঁলোকক প্ৰেৰণ কৰা সতৰ্কবাণীৰ সন্দৰ্ভত বিৰোধী সাংসদসকলে উত্থাপন কৰা বিষয়টোৰ তদন্ত আৰম্ভ কৰিছে চিইআৰটি-ইনে। এই সন্দৰ্ভত কোম্পানীলৈ জাননীও প্ৰেৰণ কৰা হৈছে বুলিও তেওঁ কয়। এই বিষয়ত চিইআৰটি-ইনৰ তদন্তত এপলে সহযোগিতা আগবঢ়াব বুলি আশা প্ৰকাশ কৰে আইটি সচিবগৰাকীয়ে। কৃষ্ণনে আৰু কয় যে CERT-In য়ে তদন্ত আৰম্ভ কৰিছে…তেওঁলোকে (এপলে) এই তদন্তত সহযোগ কৰিব।
দৰাচলতে ভাৰতীয় কম্পিউটাৰ জৰুৰীকালীন সঁহাৰি দল বা চিইআৰটি-ইন হৈছে কম্পিউটাৰ সুৰক্ষা সম্পৰ্কীয় কাণ্ডৰ প্ৰতি সঁহাৰি জনোৱা ৰাষ্ট্ৰীয় ন’ডেল এজেন্সী। যেতিয়া তথ্য প্ৰযুক্তি সচিব এছ কৃষ্ণনক সোধা হৈছিল যে এপললৈ জাননী প্ৰেৰণ কৰা হৈছে নেকি? গতিকে তেওঁ হয় বুলি উত্তৰ দিলে। এই বিষয়টো আৰম্ভ হৈছিল যেতিয়া মঙলবাৰে কেইবাজনো বিৰোধী নেতাই দাবী কৰিছিল যে তেওঁলোকৰ আইফোনত ‘চৰকাৰ পৃষ্ঠপোষকতাত হেক কৰাৰ চেষ্টা’ৰ বিষয়ে এপলৰ পৰা সতৰ্কবাণী পোৱা গৈছে আৰু এই হেক কৰাৰ অভিযোগৰ বাবে চৰকাৰ দায়ী।
কেন্দ্ৰীয় তথ্য আৰু প্ৰযুক্তি মন্ত্ৰী অশ্বিনী বৈষ্ণৱে বিৰোধীৰ অভিযোগ নাকচ কৰি কয় যে চৰকাৰে এক সম্যক তদন্ত কৰিব। কংগ্ৰেছৰ সভাপতি মল্লিকাৰ্জুন খৰ্গে, দলৰ নেতা কে চি ভেনুগোপাল, শশী থাৰুৰ, পৱন খেড়া, সুপ্ৰিয়া শ্ৰীনেট আৰু টি এছ সিংদেৱ, শিৱসেনাৰ (ইউ বি টি)ৰ সাংসদ প্ৰিয়ংকা চতুৰ্বেদী, তৃণমূল কংগ্ৰেছৰ মহুৱা মৈত্ৰা, আম আদমী পাৰ্টিৰ ৰাঘৱ চাদ্দা, চি পি আই (এম) সাধাৰণ সম্পাদক সীতাৰাম য়েচুৰী, সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে লাভ কৰিছে একেধৰণৰ বাৰ্তা।