ষ্টাফৰিপৰ্টাৰ,
জোনাকপুৰ জনকল্যাণ সমিতিৰ উদ্যোগত
উপেন ব্ৰহ্ম পথৰ পৰা ৰামকৃষ্ণ মিছনলৈ সংযোগী পথৰ দুৰৱস্থাৰ বাবে মানৱ শৃংখলেৰে দেওবাৰে জোনাক পুৰত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। জোনাকপুৰ জনকল্যাণ সমিতিৰ উদ্যোগত আৰু জোনাকপূৰ, বিৰুৱাৰী, উদয়পূৰ, ৰামকৃষ্ণ মিছন ৰাইজৰ সহযোগত সামাজিক দূৰত্ব ৰক্ষা কৰি এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰা হয়। এই কাৰ্যসূচীৰ জৰিয়তে প্রতিবাদকাৰী সকলে ক’ত গ’ল বিধায়কৰ প্ৰতিশ্ৰুতি?, ন’ ৰোড ন’ টেস্ক, এম পি, এম এল এ ৰ টোপনি কেতিয়া ভাগিব? আদি শ্লোগান থকা
প্লে কাৰ্ড হাতে হাতে লৈ প্ৰতিবাদ সাব্যস্ত কৰে। এই কাৰ্যসূচীৰ জৰিয়তে জোনাকপুৰ জনকল্যাণ সমিতিৰ সভাপতি ভূপেন চন্দ্ৰ কলিতাই কয় ” বিধ্বস্ত পথৰ মেৰামতিৰ বাবে সামাজিক দূৰত্ব বজাই ৰাখি মানৱ শৃংখলেৰে প্ৰতিবাদী কাৰ্যসূচীৰ গ্ৰহণৰ কাৰ্যসূচী আমি গ্ৰহণ কৰিবলৈ বাধ্য হৈছোঁ। এই পথত জোনাকপুৰ শিৱ মন্দিৰ, শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, ৰূপনগৰ বিদ্যাপীঠ হাইস্কুল, শ্ৰীমন্ত শঙ্কৰদেৱ বিদ্যা নিকেতন,মাধৱদেৱ হাইস্কুল, ন্যায়াধীশ কলনি ভৱন, অসম মানৱ অধিকাৰ আয়োগৰ লগতে এই পথতে নিৰ্মিয়মান অৱস্থাত আছে আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ আৰু অৰুণাচল ভৱন, আদি আছে। এই পথৰ জৰুৰী উন্নয়নৰ কাৰণ নিৰ্বাচনৰ সময়ত স্থানীয় বিধায়ক তথা গুৱাহাটী উন্নয়ন বিভাগৰ মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যই প্ৰতিশ্ৰুতি দিছিল। কিন্তু ৪.৫. বছৰ বাগৰিল আজি পৰ্যন্ত পথৰ নিৰ্মাণ নহ’ল। এই অঞ্চলত ভালেমান চৰকাৰী-বেচৰকাৰী অনুস্থান সংলগ্ন হৈ আছে।
ইয়াৰ বাসিন্দাই নিয়মিত কৰ পৰিশোধ কৰি আছে অথচ কোনো ধৰণৰ সা-সুবিধা লাভ কৰা নাই। পথ উন্নয়ন নোহোৱাৰ কাৰণে গাতে লাগি থকা ১৫ ফুট বহলৰ নলাটো চাফা কৰিব নোৱাৰে। এফালে ৰামকৃষ্ণ মিশ্বন পথ আৰু আনফালে হ’ল
ৰূপনগৰ পথ, মাজতে মিছিং লিংক ৰোড হিচাপে এইখিনি নোহোৱাত অঞ্চলটো পংগু হৈ পৰিছে। এই পথটো হলে চেৰাপভাতি,মিশ্বনৰোড হৈ শ্ৰীমন্তপুৰৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাললৈ এম্বুলেন্স চলিব পাৰিব।
অৰুণাচলৰ নিৰ্মাণ কোম্পানী গণপতি কনষ্ট্ৰাকছনে আজি তিনি বছৰ ধৰি এই পথেৰে ১৮ চকীয়া গধুৰ বাহন পৰ্যন্ত অনা নিয়া কৰি পথ ভাগি পেলাইছে। তেওঁলোকে এচপৰা মাটি আজি পৰ্যন্ত পথটোৰ মেৰামতিৰ বাবে দিয়া নাই। কৃষি মাৰ্কেটিঙ ভৱনটো পূৰ্বৰ চৰকাৰৰ দিনৰ পৰাই বেটেলিয়ন শিবিৰ হিচাপে ব্যৱহাৰ হৈ আহিছে। চৰকাৰৰ যাৱতীয় সেৱাত ব্ৰতী ইয়ালৈ ২৪ ঘণ্টাই বাছ,গধুৰ পানীৰ ট্ৰেংকাৰ চলে। বাহনবোৰে পথটোত গাত কৰাৰ ওপৰিও তিনিটা ক্ৰছ ড্ৰেইন কালভাৰ্ট ভাঙি নলা বন্ধ কৰি থৈছে।
এ পি ডি চি এলে পথৰ তলেৰে উচ্চ ক্ষমতাসম্পন্ন তাৰ সংযোগৰ নামত ঠায়ে ঠায়ে গভীৰ গাত খান্দি ১.৫ বছৰ ধৰি বিপদ সংকুল কৰি ৰাখিছে। জনস্বাস্থ্য বিভাগে জি এম চি এইছ লৈ পানীৰ পাইপ পুতি ক্ৰছ ড্ৰেইনত বাধা দি ৰাইজক বিপদত পেলাইছে। এই পথটোৰ
উন্নয়নৰ বাবে পূৰ্বৰ বিগত চাৰিটা বৰ্ষত পি ডব্লিউ ডি (আৰ) চিটি ডিভ-১ৰ জৰিয়তে দুবাৰকৈ এষ্টিমেট দাখিল কৰিও চৰকাৰৰ হেমাহিত উচ্চত্বৰত বিফল হয়।পথৰ বাবদ বিধায়কক তিনিবাৰ আৰু পূৰ্বৰ সাংসদক এবাৰ আবেদন কৰা হৈছিল । জি এম চি, জি এম ডি ৰ ওচৰলৈ যোৱা হৈছিল। শেহতীয়াকৈ কামৰূপ (ম) জিলা উপাউক্ত ৰ ওচৰলৈ গৈ অস্থায়ী মেৰামতিৰ বাবে জনোৱা হৈছিল যদিও আমি আজি পৰ্যন্ত কোনো সুফল লাভ নকৰিলো। সেয়েহে আজি আমি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিলোঁ।” এই কাৰ্যসূচীত
জোনাকপুৰ জনকল্যাণ সমিতিৰ সম্পাদক খগেন নাথ, বিৰুৱাৰী উন্নয়ন সমিতিৰ সম্পাদক ৰাতুল ভাগৱতীৰ লগতে বহুসংখ্যক স্থানীয় বাসিন্দা উপস্থিত থাকে।
