বিয়াৰ প্ৰস্তাৱ অমান্য কৰিছিল কিশোৰীৰ পৰিয়ালে, অপহৰণ কৰি যৌন নিৰ্যাতন লম্পট প্ৰেমিকৰ

80

ৰঙিয়াঃ ৰঙিয়াৰ ইচ্ছাপুৰত বিয়াৰ প্ৰস্তাৱ নাকচ কৰাৰ বাবেই এগৰাকী কিশোৰীৰ ওপৰত যৌন নিৰ্যাতন চলোৱাৰ ঘটনা পোহৰলৈ আহিছে। কিশোৰীগৰাকীৰ পৰিয়ালৰ অভিযোগৰ ভিত্তিত ইতিমধ্যে আৰক্ষীয়ে আনোৱাৰ হুছেইন নামৰ অভিযুক্তজনক গ্ৰেপ্তাৰ কৰি তদন্ত অব্যাহত ৰাখিছে।

অভিযোগ অনুসৰি, আনোৱাৰ হুছেইন নামৰ যুৱকজনে একে গাঁওৰে এগৰাকী ১৪ বছৰীয়া কিশোৰীক বিয়াৰ প্ৰস্তাৱ দিছিল। কিন্তু কিশোৰীগৰাকীৰ পৰিয়ালে সেই প্ৰস্তাৱ নাকচ কৰাত আনোৱাৰ হুছেইনে কিশোৰীগৰাকীক বৰপেটালৈ অপহৰণ কৰি লৈ যায়। তাৰ কিশোৰীগৰাকীৰ ওপৰত যৌন নিৰ্যাতন চলায় লম্পট আনোৱাৰ হুছেইনে।

ইফালে কিশোৰীগৰাকীৰ পৰিয়ালে যুৱকজনৰ বিৰুদ্ধে দাখিল কৰা এজাহাৰৰ ভিত্তিত তুলসীবাৰী আৰক্ষীয়ে বৰপেটাৰ পৰা অভিযুক্ত আনোৱাৰ হুছেইনক গ্ৰেপ্তাৰ কৰে। আনহাতে ধৃত আনোৱাৰৰ অভিযোগ অনুসৰি দুয়োৰে মাজত প্ৰেমৰ সম্পৰ্ক আছিল আৰু দুয়ো ইচ্ছা অনুসৰিয়েই ঘৰৰ পৰা বৰপেটালৈ পলাই গৈছিল। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।