বিয়লি ৩ বজালৈ স্থগিত সদন, জানক কাৰণ…

75

গুৱাহাটীঃ কোৰোনা ভেকচিনক লৈ সদনত উত্তাল পৰিৱেশৰ সৃষ্টি হোৱাৰ মাজতে বিয়লি ৩ বজালৈ সদনৰ কাম-কাজ স্থগিত ৰাখে বিধানসভাৰ অধ্যক্ষ বিশ্বজিৎ দৈমাৰীয়ে। দৰাচলতে কোৰোনা ভেকচিনৰ টীকাকৰণ সন্দৰ্ভত বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই এক প্ৰশ্নৰ উত্থাপন কৰিছিল। এই প্রশ্নৰ উত্তৰ স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্তই প্ৰদান কৰি থকাৰ মাজতে ভৰত নৰহে মন্তব্য কৰাত ক্ষোভ ব্যক্ত কৰে স্বাস্থ্যমন্ত্ৰীয়ে।

স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই অভিযোগ উত্থাপন কৰি কয় যে বিৰোধী দলপতিৰ প্ৰশ্নৰ উত্তৰত ভৰত নহৰে সদনক বিভ্ৰাট কৰিব বিচাৰিছে। তেনেতে বহুবল্কী মন্ত্ৰী পীয়ুষ হাজৰিকাই ঠিয় হৈ স্পষ্টকৈ কংগ্ৰেছৰ নাম উল্লেখ কৰাৰ লগতে বহু দল-সংগঠনে ভেকচিনক লৈ অপপ্ৰচাৰ চলাইছে বুলি মন্তব্য কৰাৰ পিছতে সদনত উতপ্ত পৰিস্থিতিৰ সৃষ্টি হয়। কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ অনাৰ বাবে ৱাজেদ আলী চৌধুৰীয়ে ভেকছিনক লৈ ৰাজনৈতিক দলক দোষাৰোপ কৰা হৈছে বুলি প্ৰতিবাদ কৰে আৰু এই বিষয়ত সদনত আধা ঘণ্টাৰ আলোচনা হ’ব লাগে বুলি দাবী কৰে। ৱাজেদ আলি চৌধুৰীৰ কথাত অধ্যক্ষই নোটিচ দিবলৈ কয়।

ইফালে মন্ত্ৰী কেশৱ মহন্তয়ো অভিযোগ কৰে যে বহু দল-সংগঠনে ভেকচিনক লৈ অপপ্ৰচাৰ চলোৱাৰ বাবেই প্ৰথমাৱস্থাত বহু লোকে ভেকচিন গ্ৰহণ কৰিব বিচৰা নাছিল। কিন্তু লাহে লাহে মানুহ ভেকচিন ল’বলৈ আগ্ৰহী হৈছে। স্বাস্থ্যমন্ত্ৰীৰ এনে মন্তব্যত বিৰোধীয়ে সদনত হুলস্থূল আৰম্ভ কৰে। যাৰ পৰিপ্ৰেক্ষিতত বিধানসভাৰ অধ্যক্ষই বিয়লি ৩ বজালৈ সদন স্থগিত ৰখাৰ ঘোষণা কৰে।