আজি পহিলা ব’হাগ। বাপতিসাহোন বিহুটিক লৈ অসমীয়াৰ যেন উছাহৰ অন্ত নাই। বিশ্বৰ যি প্ৰান্ততেই নাথাকক কিয়, বিহু বুলিলেই যেন নাচি উঠে দেহ-প্ৰাণ।
ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত ব্যস্ত অসম সন্তান ৰিয়ান পৰাগৰো বিহুৰ সময়ত একেই অৱস্থা। ৰাজস্থান ৰয়েলছৰ হৈ খেলি থকা অসমীয়া ক্ৰিকেটাৰগৰাকীয়ে খেলৰ ব্যস্ততাৰ বাবে মাতৃভূমিৰ পৰা আঁতৰি থাকিবলগা হ’লেও বিহুৰ বতৰত সতীৰ্থৰ সৈতে বাৰুকৈয়ে উপভোগ কৰিলে হেঁপাহৰ ৰঙালী।
বিহুৰ সময়ত আন্তঃৰাষ্ট্ৰীয় স্পীনাৰ যুজবেন্দ্ৰ চহলৰ পত্নী ধনশ্ৰীৰ সৈতে একেলগে ৰিয়ানে বিহু নাচি থকা এটা ভিডিঅ’ ইতিমধ্যে শ্বেয়াৰ কৰিছে ৰাজস্থান ৰয়েলছে।
উল্লেখ্য যে, ক্ৰিকেটাৰ যুজবেন্দ্ৰ চহলৰ পত্নী ধনশ্ৰী নৃত্যশিল্পী হিচাপে সুপৰিচিত। আনহাতে ৰিয়ান পৰাগেও প্ৰায়ে খেলপথাৰৰ ভিতৰে-বাহিৰে বিহু নাচি অসমীয়াৰ স্বাভিমানক উজ্বলাই আহিছে।
ৰাজস্থান ৰয়েলছে ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰা ভিডিঅ’টোত প্ৰথমে ধনশ্ৰীক এখন বিহুৱান প্ৰদান কৰে। তাৰ পিছতে দুয়ো নীল আকাশৰ ‘চেংদাং গছে বনে ওলালে পাত’ শীৰ্ষক বিহুসুৰীয়া গীতটোত বিহুনৃত্য প্ৰদৰ্শন কৰে।
সামাজিক মাধ্যমত ইতিমধ্যে এই ভিডিঅ’ দ্ৰুতগতিত ভাইৰেল হৈ পৰিছে।
