বিহাৰৰ পিছত উত্তৰ প্ৰদেশতো গংগাৰ বুকুত উপঙিছে অৰ্ধশতাধিক মৃতদেহ

68

বিহাৰৰ পিছত এইবাৰ গংগাৰ বুকুত মৃতদেহ উপঙিছে উত্তৰ প্ৰদেশতো। উত্তৰ প্ৰদেশৰ বালিয়া জিলাৰ নৰহী এলেকাৰ উজিয়াৰ, কুলহাদিয়া, ভৰউলি ঘাতত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰিছে দুই ডজনৰো অধিক মৃতদেহ।

গংগাৰ বুকুত উপঙি থকা এই মৃতদেহসমূহ কৰ পৰা আহিছে আৰু মৃতদেহ সমুহৰ পৰিচয় এতিয়াও উলিয়াব পৰা নাই প্ৰশাসনে। কিন্তু বিহাৰৰ বক্সাৰ জিলাৰ পিছত উত্তৰ প্ৰদেশৰো কেইবাটাও ঘাটত গংগাৰ বুকুত উদ্ধাৰ হোৱা অৰ্ধ শতাধিক মৃতদেহক কেন্দ্ৰ কৰি এতিয়া সৃষ্টি হৈছে আতংকময় পৰিৱেশৰ। ইফালে এই মৃতদেহসমূহ কোভিড আক্ৰান্ত ৰোগীৰ বুলিও আশংকা কৰা হৈছে।