ডিজিটেল ডেস্কঃ সুৰা নিষিদ্ধ বিহাৰত পুনৰ বিষাক্ত সুৰা পান কৰি মৃত্যু ঘটিল ৭ জনকৈ লোকৰ।
জানিব পৰা মতে, বিহাৰৰ ছাপৰা জিলাত বিষাক্ত সুৰা পান কৰাৰ ফলত ৭ জন লোকৰ মৃত্যু ঘটাৰ লগতে আন কেইবাজনেও দৃষ্টিশক্তি হেৰুৱাই পেলাই।
অৱশ্যে আৰক্ষীয়ে এই মৃত্যুৰ কাৰণ এতিয়া অস্পষ্ট বুলিহে মন্তব্য কৰিছে।
বুধবাৰে আৰক্ষী অধীক্ষক এছ কুমাৰে জানিবলৈ দিয়া মতে, নিহত ৩ জনৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে।
মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন লাভ কৰাৰ পিছতহে মৃত্যুৰ প্ৰকৃত কাৰণ জানিব পৰা যাব বুলি মন্তব্য কৰে আৰক্ষী অধীক্ষক গৰাকীয়ে।
উল্লেখ্য যে, ৰাজ্য চৰকাৰখনে বিহাৰত সুৰা নিষিদ্ধ কৰাৰ পিছতে অবাধ হাৰত বৃদ্ধি পাইছে নকল সুৰাৰ বিক্ৰী।
এনে পৰিপ্ৰেক্ষিতত বিষাক্ত আৰু নকল সুৰা পান কৰি বিগত সময়ত ৰাজ্যখনত শতাধিক লোকে প্ৰাণ হেৰুৱাবলগীয়া হৈছে।