ডিজিটেল ডেস্কঃ আজি নিৰ্ণয় হ’ব বিহাৰৰ আৰজেডি নেতৃত্বাধীন মহামিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱৰ ভাগ্য। বিহাৰত আজি অনুষ্ঠিত হোৱা বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণত পুৱা ১১ বজা পৰ্যান্ত ১৯.২৬ শতাংশ ভোটাৰে সাব্যস্ত কৰিছে ভোটাধিকাৰ। আজি ১৭ খন জিলাত ৯৪টা বিধানসভা সমষ্টিৰ বাবে অনুষ্ঠিত হৈছে ভোটগ্ৰহণ।
উল্লেখ্য যে, দ্বিতীয় পৰ্যায়ৰ ২.৮৫ কোটি ভোটাৰে ১৪৬৩ গৰাকী প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব। দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণতে আৰজেডিৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী তেজস্বী যাদৱ, তেজপ্ৰতাপ যাদৱ আৰু নীতিশ কুমাৰ চৰকাৰৰ ৪ গৰাকী মন্ত্ৰীৰ ভাগ্য নিৰ্ণয় হ’ব। ইয়াৰ পূৰ্বে যোৱা ২৮ অক্টোবৰত অনুষ্ঠিত হোৱা প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণত ৭১ টা সমষ্টিৰ বাবে ভোটাধিকাৰ সাব্যস্ত কৰিছিল বিহাৰবাসীয়ে।
বিহাৰ বিধানসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব অহা ৭ নৱেম্বৰত। ১০ নৱেম্বৰত নিৰ্বাচনৰ ফলাফল ঘোষণা কৰা হ’ব। কোভিড প্ৰটক’ল মানি এইবাৰ কোৰোনা স্থিতিৰ মাজতে অনুষ্ঠিত হৈছে বিহাৰ বিধানসভাৰ নিৰ্বাচন।