বিহাৰ নিৰ্বাচনঃ ১৯ লাখ সংস্থাপন, কোৰোনাৰ ফ্ৰী ভেকচিন প্ৰদানৰ প্ৰতিশ্ৰুতি বিজেপিৰ

59

ডিজিটেল ডেস্কঃ বিহাৰ বিধানসভা নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত বৃহস্পতিবাৰে বিজেপিয়ে জাৰি কৰে ঘোষণা পত্ৰ। বিজেপিৰ এই ঘোষণা পত্ৰৰ নাম দিয়া হয় ‘সংকল্প পত্ৰ’। নীতিশ কুমাৰৰ নেতৃত্বত পুনৰ এবাৰ বিহাৰ নিৰ্বাচনত অৱতীৰ্ণ হোৱা বিজেপিয়ে এইবাৰ ঘোষণাপত্ৰত শিক্ষা, স্বাস্থ্য, আইটিসহ বিভিন্ন ক্ষেত্ৰত ১৯ লাখ সংস্থাপনৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে। তদুপৰি এবছৰৰ ভিতৰত ৩ লাখ শিক্ষক নিযুক্তি আৰু বিহাৰবাসীক বিনামূলীয়া কোৰোনা ভেকচিন প্ৰদান কৰা হ’ব বুলিও ঘোষণাপত্ৰত প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে।

বিত্তমন্ত্ৰী নিৰ্মলা সীতাৰমণৰ লগতে অন্য বিজেপি শীৰ্ষ নেতাই জাৰি কৰা ঘোষণাপত্ৰত বিহাৰত মেডিকেল আৰু কাৰিকৰী শিক্ষা হিন্দী ভাষাত উপলব্ধ কৰোৱাৰো প্ৰতিশ্ৰুতি প্ৰদান কৰা হয়। বিহাৰত আগন্তুক ৫ বছৰত আইটি হাব নিৰ্মাণ কৰি ৫ লাখ সংস্থাপন প্ৰদান কৰা হ’ব বুলি প্ৰতিশ্ৰুতি বিজেপিৰ। তদুপৰি বিহাৰৰ কোটি কোটি মহিলাক আত্মনিৰ্ভশীলৰূপে গঢ়ি তোলাৰ স্বাৰ্থত ৫০ হাজাৰ কোটি টকা আত্ম সহায়ক গোটৰ বাবে আৱণ্টন কৰাৰো প্ৰতিশ্ৰুতি দিয়ে বিজেপিয়ে। আনহাতে বিজেপিয়ে ঘোষণাপত্ৰত কয় যে বিহাৰক কৃষি আৰু মীন পালনৰ দিশত শীৰ্ষত উপনীত কৰোৱাটো এনডিএ চৰকাৰৰ লক্ষ্য হ’ব।