বিহাৰ নিৰ্বাচনঃ কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকা প্ৰকাশ, নাম নাই কমলনাথ-দিগ্বিজয় সিঙৰ…

71

ডিজিটেল ডেস্কঃ বিহাৰৰ সমাগত বিধানসভা নিৰ্বাচনক কেন্দ্ৰ কৰি তৎপৰ হৈ পৰিছে ৰাজনৈতিক দল। মনোয়ন দাখিল পিছতে এতিয়া নিৰ্বাচনী প্ৰচাৰৰ বাবে সাজু হৈ উঠিছে দলসমূহ। আনহাতে এইবাৰ কোৰোনা মহামাৰীৰ প্ৰতি লক্ষ্য ৰাখি বিহাৰ চৰকাৰে নিৰ্বাচনী প্ৰচাৰৰ পূৰ্বে কেতবোৰ গুৰুত্বপূৰ্ণ নিৰ্দেশনা জাৰি কৰিছে। মুখত মাস্ক পৰিধান কৰাৰ লগতে সামাজিক দূৰত্ব মানি প্ৰচাৰ চলোৱাৰ নিৰ্দেশ দিয়া হৈছে দলসমূহক। তদুপৰি এইবাৰ নিৰ্বাচনৰ প্ৰচাৰ ৰেলীত সৰ্বাধিক ২০০ জনেহে অংশ ল’ব পাৰিব বুলিও নিৰ্দেশনা জাৰি কৰা হৈছে।

তাৰ মাজতে শনিবাৰে কংগ্ৰেছে বিহাৰ নিৰ্বাচনৰ বাবে প্ৰকাশ কৰিলে ৩০ গৰাকী ষ্টাৰ কেম্পেইনাৰৰ তালিকা। মহামিত্ৰজোঁটেৰে বিহাৰ নিৰ্বাচনত অৱতীৰ্ণ হ’বলগা কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত নাম আছে কংগ্ৰেছৰ অধ্যক্ষ ছোনীয়া গান্ধী, ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধীৰ। তদুপৰি এই তালিকাত প্ৰাক্তন প্ৰধানমন্ত্ৰী ড০ মনমোহন সিং, মীৰা কুমাৰ, গুলাম নবী আজাদ, শচীন পাইলট আৰু শত্ৰুঘ্ন সিনহাৰ দৰে জ্যেষ্ঠ কংগ্ৰেছ নেতাৰ। উল্লেখ্য যে, কংগ্ৰেছৰ ষ্টাৰ কেম্পেইনাৰৰ তালিকাত এইবাৰ নাম নাই মধ্যপ্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰী কমলনাথ আৰু দিগ্বিজয় সিঙৰ।

জানিব পৰা মতে, কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে বিহাৰৰ প্ৰতিটো পৰ্যায়ৰ ভোট গ্ৰহণৰ পূৰ্বে কমেও দুখন প্ৰচাৰ ৰেলীত অংশ ল’ব। ২৮ অক্টোবৰত অনুষ্ঠিত হ’ব বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোট গ্ৰহণ। তাৰ পিছত ৩ আৰু ৭ নৱেম্বৰত ক্ৰমে দ্বিতীয় আৰু তৃতীয় পৰ্যায়ৰ ভোটগ্ৰহণ অনুষ্ঠিত হ’ব। ১০ নৱেম্বৰত ঘোষণা কৰা হ’ব নিৰ্বাচনৰ ফলাফল।